নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন, উত্থাপিত ৰাজনৈতিক বিকল্পৰ চিন্তা আৰু যুৱ সমাজৰ কৰণীয়



✍ দেবাংগ সৌৰভ গগৈ প্ৰগতিশীল চিন্তক, যুৱ উদ্যোগী 


অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ইতিমধ্যেই নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে এক ভৰপক ৰূপ লৈছে। ২০১৬ ৰ পৰাই এই ক্ষেত্ৰত ডঃ হীৰেণ গোহাঁই, অখিল গগৈ প্ৰমুখ্যে বুদ্ধিজীৱি, নেতাৰ লগতে বিভিন্ন অঞ্চলৰ সচেতন যুৱক সকলে আহ্বান জনাই আহিছিল যদিও আশা কৰা ধৰণে জনসাধাৰণ সচেতন হোৱা নাছিল। ফলস্বৰূপে আইনখনৰ মুখ্য পৃষ্ঠপোষক বিজেপি দলে অসমৰ পৰা লোকসভা নিৰ্বাচনত যঠেষ্ট সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হ'ল আৰু ঘোষণা মতেই বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনলৈ ৰূপান্তৰিত কৰিলে। অসমীয়াৰ এনে দুখৰ মাজতো কিন্তু আন এক আশাৰ ৰেঙনি দেখিবলৈ পোৱা গ'ল। অসম আন্দোলন নেদেখা আজিৰ প্ৰজন্মৰ অসমীয়া ডেকাই কেৱল আমোদ প্ৰমোদ আৰু বিনোদনৰ মাজতে ব্যস্ত হৈ থাকে বুলি সঘনে আহি থকা অভিযোগ মিছা প্ৰমাণিত কৰি যুৱ শক্তিও জপিয়াই পৰিল কা বিৰোধী আন্দোলনত।
হয়টো অসমীয়া ডেকাৰ মাজত এতিয়াও শুই থকা সিংহটোৰ অনুমানেই কৰিব পৰা নাছিল চৰকাৰী পক্ষই। পলমকৈ হ'লেও আৰম্ভ হোৱা এই নেতৃত্ববিহীন আন্দোলনে এতিয়া এটা গতি বিচাৰিছে। অৱশ্যে সেই গতি বিভিন্ন সুবিধাবাদী চক্ৰই নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰৰ চেষ্টা নকৰাও নহয়। কিন্তু নতুনকৈ সাৰ পোৱা সিংহক ভাগৰুৱা সিংহ বা নীলা শিয়ালে জানো ইমান সহজতে বশ কৰিব পাৰে?


এতিয়া প্ৰশ্ন হ'ল আমাৰ কৰণীয় কি হ'ব? যোৱা কিছুদিন ধৰি অসমৰ বিভিন্ন ঠাইৰ নগৰ আৰু গ্ৰামাঞ্চলত বিভিন্ন বয়সৰ জাতিৰ প্ৰতি দ্বায়বদ্ধতা থকা লোকৰ সৈতে ভাব বিনিময় কৰি আমাৰ মনত হোৱা ধাৰণা উল্লেখ কৰিলো।

কা বিৰোধ আৰু বিকল্প ৰাজনীতি/ ৰাজনৈতিক বিকল্প

কা ৰ বিৰোধিতা কৰি ওলাই অহা বেছিভাগেই ২০২১ ত হ'ব লগীয়া নিৰ্বাচনত বিজেপিক ক্ষমতাচ্যুত কৰি এশেকা দিয়াৰ কথা ভবা দেখা গৈছে। তথাপি বিজেপিক ক্ষমতাচ্যুত কৰি কাক শাসনৰ বাঘজৰী অৰ্পণ কৰিব তাৰ সুষ্পষ্টতা বেছিভাগৰে দেখা নগ'ল। ৰাজনীতিৰ পৰা অলপ দূৰত অৱস্থান কৰা সকলে এক সন্মিলিত আঞ্চলিক মহাশক্তিৰ পোষকতা কৰে যদিও অসমৰ ৰাজনীতি, দল সংগঠনৰ ভূ-ৰখা সকলে এনে সম্ভাৱনা অতি ক্ষীণ বুলি আক্ষেপ কৰে। আমি ব্যক্তিগতভাৱে চলোৱা এক মৌখিক সমীক্ষাৰ ( য'ত বেছিভাগ ৰাজনীতি, দল মতাদৰ্শৰ পৰা আতৰি থকা কিন্তু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে বিকল্পৰ আশা কৰা লোকক সামৰি লোৱা হৈছে) তথ্য তলত দিয়া ধৰণৰ :

সন্মিলিত আঞ্চলিক শক্তি = ৬২%
অখিল গগৈৰ নেতৃত্বত বিকল্প =২০%
আছুৰ নেতৃত্বত বিকল্প = ১৩%
নতুন মুখ/যুৱনেতৃত্ব =৪%
অন্যান্য =১%

চতুৰ্থ ক্ৰমত উল্লেখ কৰা ৪% ৰ লগতে আন একাংশইয়ো এক বিশেষ প্ৰশ্নৰ অৱতাৰণা কৰা পৰিলক্ষিত হ'ল। তেওঁলোকে ৰাজনৈতিক বিকল্পতকৈ বিকল্প ৰাজনীতিৰ প্ৰসংগ টানি আনি বৰ্তমান অসমত ইয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে। তথাকথিত দল সংগঠনবোৰৰ ভাষণ প্ৰতিশ্ৰুতি বোৰে তেওঁলোকক আমুৱাইছে। বিকল্প ৰাজনীতিৰ এক সুষ্পষ্ট ধাৰণা নাথাকিলেও বহুতেই দিল্লীত শিক্ষা আৰু স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা আম আদমী পাৰ্টিৰ চৰকাৰৰ কথা উল্লেখ কৰিলে।

ধৰি লোৱা হ'ল, সকলো কুচকাৱাজ যোগাত্মকভাৱে চলিল আৰু বিকল্প ৰাজনীতিৰ বাবে সকলোকে একত্ৰিত কৰি এক সন্মিলিত আঞ্চলিক শক্তিৰ গঠন হ'ল, য'ত অভিজ্ঞ সকলে পৃষ্ঠপোষকতা কৰিব আৰু নতুন সকলে গতি প্ৰদান কৰিব। এতিয়া আহোঁ মূল প্ৰশ্নলৈ। এই সন্মিলিত শক্তিয়ে নিৰ্বাচনী যুঁজত বিজেপি নেতৃত্বাধীন মহাশক্তিক ওফৰাবলৈ সক্ষম হ'বনে? বৃহৎ সংখ্যক জনতাৰ কা বিৰোধী প্ৰতিবাদত অংশগ্ৰহণে আপাত দৃষ্টিত যদিও সহজ যেন লাগে, বাস্তৱ ক্ষেত্ৰত পথ সিমান মসৃণ নহয়। সমষ্টিভিত্তিক বিশ্লেষণ কৰিলে এই কথা অধিক সুষ্পষ্ট হৈ পৰে। তাৎপৰ্যপূৰ্ণযে কিছু সংখ্যক প্ৰতিবাদীয়ে এতিয়াও কা ৰ বিৰোধিতা কৰিও ২০২১ ৰ বাবে বিজেপিকেই একমাত্ৰ নিৰ্বাচনী বিকল্প বুলি বিবেচনা কৰে। সেয়ে এনে সকলোবোৰ সম্ভাৱনাৰ মূল্যায়ন কৰি সন্মিলিত শক্তিয়ে সকলো সৰু বৰ জাতি জনগোষ্ঠীক বিশ্বাসত লৈ এক সু পৰিকল্পিত আঁচনি প্ৰস্তুত কৰিব লাগিব।

কিন্তু সকলোতকৈ ডাঙৰ প্ৰশ্ন সন্মিলিত শক্তিয়ে সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিলেই অসমীয়াৰ সমস্যা সমূহ দূৰ হ'বনে? দিল্লীৰ আম আদমী পাৰ্টিৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ যঠেষ্ট বিধি পথালি সত্বেও বিভিন্ন ক্ষেত্ৰত সফল হৈছে। ৫ বছৰৰ ভিতৰত বহু কোটি টকাৰ ঘাটি বাজেট ৰাহি বাজেটলৈ পৰিবৰ্তন হৈছে। কিন্তু তেওঁলোকৰ নিষ্ঠাৰ লগতে ৰাজহ সংগ্ৰহৰ গাঠনিৰ বাবে লক্ষ্যত উপনীত হোৱাৰ অনুকুল পৰিৱেশ এটা দিল্লীত আছে। কিন্তু অসমৰ প্ৰেক্ষাপট একে নহয়। অসম সম্পদেৰে চহকী হ'লেও চৰকাৰে পুঁজিৰ ক্ষেত্ৰত বহুপৰিমাণে কেন্দ্ৰীয় চৰকাৰৰ ওপৰতহে নিৰ্ভৰশীল। সেয়ে বাস্তৱক্ষেত্ৰত ৰাজ্য চৰকাৰ খনে জনতাৰ সাধাৰণ প্ৰয়োজন সমূহ পূৰণ কৰি আকৌ জাতিৰ অধিকাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে দৰ দাম কৰাটো কঠিন হৈ পৰিব পাৰে। কিন্তু বৰ্তমান পৰিস্থিতিত এই বিকল্পই হৈছে গণতান্ত্ৰিক পদ্ধতিৰে ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি অসম/অসমীয়াক উদ্ধাৰৰ বাবে চলাব পৰা অন্তিম হস্ৰম্যাদী পথ। ইয়াক সফল কৰিব পাৰিলে হয়টো জাতিয়ে এক নতুন দীৰ্ঘম্যাদী চিন্তাৰ বাবে কিছুদিন অতিৰিক্ত সময় পাব।

এই বিকল্প পথক সফল কৰিবলৈ অসমৰ জনগণ তথা নেতৃত্ব কেনেদৰে আগবাঢ়ে সেইয়া নিশ্চয় লক্ষণীয় হ'ব। উমৈহতীয়া এক জাতীয় ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক কাৰ্যসূচীৰ লগতে প্ৰতিটো ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ স্বাৰ্থৰক্ষা আৰু সম উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি আঁচনি তৈয়াৰ কৰিব লাগিব। প্ৰথম অৱস্থাত সাংগঠিনক অধিক্ৰম (Hierarchy) তৈয়াৰ কৰাৰ পৰা বিৰত থাকি স্বেচ্ছাসেৱকৰ সহায়ত বুথ পৰ্য্যায়লৈকে সংগঠনক লৈ যোৱাত গুৰুত্ব আৰোপ কৰিব লাগিব। অসমৰ প্ৰায় ২৭০০০ ৰাজহ গাওঁ তথা ২৫০০০ ভোট কেন্দ্ৰ আছে। প্ৰতিটো পৰ্যায়তে অন্তত দুজন সামাজিক ভাৱে সচেতন আগৰণুৱা যুৱক যুৱতীক এই পৰিকল্পনাৰ অংশীদাৰ কৰি তেওঁলোকক গাঁও পৰ্য্যায়ত সকলোৰে লগ হৈ কাম কাজ আগুৱাই নিয়াত সহযোগ কৰিব লাগিব। জেষ্ঠ নাগৰিক, মহিলা সকলে গাওঁসভা সমূহৰ পৃষ্ঠপোষকতা কৰাৰ লগতে স্থানীয় পৰ্য্যায়ত ইয়াক আন্দোলনৰ ৰূপ দিয়াৰ চেষ্টা কৰিব লাগিব। ৰাজনৈতিক ইস্তাহাৰ আৰু বিস্তৃত আঁচনি প্ৰকাশ হোৱাৰ আগতে এই গাওঁসভা সমূহৰ জৰিয়তে স্থানীয় সমস্যাসমূহৰ বাস্তৱ অৱলোকন কৰিব লাগিব।

শেষত কওঁ যুৱ সমাজে তৃণমূল পৰ্যায়ত এখন নতুন অসমৰ বাবে কাৰ্য্যব্যৱস্থা হাতত লওক। জানুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰাই তেওঁলোকে আৰম্ভ কৰক ওচৰ চুবুৰীয়া গাঁৱৰ সমভাৱাপন্ন যুৱক যুৱতীৰ সৈতে ৰাজনৈতিক অৰ্থনৈতিক সচেতনতাৰ বিষয়ে আলোচনা আৰু স্থানীয় পৰ্য্যায়ত ল'ব পৰা কাৰ্যসূচী। হয়তো এনেবোৰ বীজেই সময়ত অসমৰ জনসাধাৰণে বিচৰা ধৰণে ফল দিব।

Post a Comment

0 Comments