নতুনৰ সন্ধিক্ষণ, নৱচিন্তন


✍ কমল নয়ন মিশ্ৰ
প্ৰৱক্তা, প্ৰাণীবিজ্ঞান বিভাগ
ৰাধাকৃষ্ণন একাডেমী, নলবাৰী

সময়নো কি?  সৰ্বব্যাপি এই স্থানত চলি থকা ঘটনাবোৰৰ ক্ৰমৰ মাজেদিয়েই সময়ক উপলব্ধি কৰিব নোৱাৰিনে? আচলতে ঋতু পৰিৱৰ্তন,দিন আৰু ৰাতিৰ পুনঃপৌনিক ক্ৰমক  quantify কৰাৰ দ্বাৰাই ঘড়ীৰ ক্ষুদ্ৰতম এককৰ ৰূপত সময়ৰ গণনা সম্ভৱ হৈছিল ।প্ৰতিটো দিনৰ পিছত ৰাতি ,সূৰ্যোদয়ৰ পিছত সূৰ্যাস্ত,মাহৰ পিছত বছৰ বাগৰি আকৌ নতুন বছৰ ।আৰু আমি দেখা আকাশ খন?মহাকাশৰ কোনো আপেক্ষিক স্থান সময়ত সংঘটিত কেতবোৰ মহা ঘটনাইও আমাক সময়ৰ মহা পৰিৱৰ্তনৰ কথাকেই ৰিঙিয়াই শুনাই।

1054 চনৰ জুন মাহৰ  কোনোবা এটা ৰাতি এটা অদ্ভুত তৰা হঠাৎ  জিলিকি উঠিছিল আকাশত ।ক্ৰমশঃ সি উজ্জ্বল হৈ উঠি আন সকলো বোৰ তৰাকেই নিষ্প্ৰভ কৰি তুলিলে, আনকি জোনৰ সৈতেই যেন তৰাটিয়ে ফেৰ মাৰিব খুজিছিল ।দিনৰ প্ৰখৰ ৰ'দতো তৰাটিয়ে পোহৰ বিলাইছিল ।দুবছৰ অতিক্ৰমি যোৱাৰ পিছত এদিন হঠাৎ তৰাটি নুমাই গৈছিল ।এই সমস্ত ঘটনা স্বচক্ষে প্ৰত্যক্ষ কৰি  লিপিবদ্ধ কৰিছিল চীন আৰু  মধ্যপ্ৰাচ্যৰ প্ৰাচীন গৱেষকৰ দলে ।1734 চনত বৃটিছ Astronomer John Bevis য়ে তেওঁৰ দূৰবীণেৰে আকাশৰ সেই স্থানতেই দৃষ্টি নিক্ষেপ কৰিছিল, য'ৰ পৰা নিৰুদ্দেশ হৈছিল সেই তৰাটি ।তেওঁ দেখিছিল ক্ষীণ পোহৰৰ এক ক্ষুদ্ৰ বলয় ।একবিংশ শতিকাত হাবল দূৰবীণে ধৰা পেলালে যে ,সেই ক্ষীণ বলয় আচলতে বিশালাকায় এক নেবুলা,যাৰ দুৰত্ব পৃথিৱীৰ পৰা প্ৰায় ছয় হেজাৰ আলোকবৰ্ষ !
1054 চনত পৃথিৱীবাসীয়ে দেখিছিল এটি অচিন তৰাৰ মহাবিষ্ফোৰণ,অৰ্থাৎ ছুপাৰন'ভা বিষ্ফোৰণ ! এহেজাৰ বছৰৰ পৰিক্ৰমাত বিষ্ফোৰিত তৰাটোৱে তাৰ চৌপাশ জুৰি সৃষ্টি কৰিলে গেছ আৰু ডাৱৰৰ সেই মহা বলয়, অৰ্থাৎ আজিৰ বিখ্যাত Crab Nebula ! তৰা এটিৰ মৃত্যুৰ পিছৰ কাহিনী সেয়া ।লগতে সেই মহাপৰিৱৰ্তনৰ Visual !
সময়ৰ দুৰ্বাৰ গতি আৰু তাৰ ছন্দত উটি অহা মহাপৰিৱৰ্তন প্ৰতিনিয়ত সংঘটিত হৈছে আমাৰ চলমান বস্তু জগতত,পৃথিৱী তথা মহাকাশত ।এই পৰিৱৰ্তন চলিছে আমি ঢুকি পোৱা মানৱ সমাজৰ ইতিহাসত ।আমাৰ বৰ্তমানৰ ৰাষ্ট্ৰ আৰু সমাজৰ গৰ্ভত ।এক ভয়ংকৰ তীব্ৰতাৰে এই  দ্বন্দ্ব চলিছে অহৰহ ।আমাৰ ৰাষ্ট্ৰৰ ভেটি আছিল যি গনতন্ত্ৰ স্থাপনৰ সাংবিধানিক প্ৰতিশ্ৰুতি, তাক ওফৰাবলৈ দলে দলে মানুহক সংগঠিত কৰা হৈছে ।এই সংগঠিত মানুহে বামিয়ান বুদ্ধৰ মূৰ্তি বগৰোৱাদি তালিবনী ধুমুহাৰে  তচনচ কৰি দিব পাৰে সভ্যতাৰ সমস্ত প্ৰাপ্তি আৰু ভৱিষ্যতৰ আকাংক্ষাক ।তাৰ প্ৰতিৰোধো কিন্তু অৱশ্যম্ভাৱী ।
নৱবৰ্ষ বুলিবলৈ একো নাই ।প্ৰতিটো নতুন সময়েই এতিয়া দুৰ্বাৰ যুজৰ একো একোটা সন্ধিক্ষন ।এই সময়ৰ গৰ্ভৰ পৰাই  বিষ্ফোৰিত ছুপাৰন'ভাৰ দৰে জ্যোতিৰ সৃষ্টি হ'ব পাৰে আৰু সেই মহা আলোকেই বাট দেখুৱাব পাৰে ভৱিষ্যতৰ সময়ক ।
নতুনৰ এই সন্ধিক্ষণত আমাক ন ন তথ্য আৰু জ্ঞানৰ ঐশ্বৰ্যৰে সমৃদ্ধ কৰিবলৈ  আহিছে নৱচিন্তন !নৱচিন্তনৰ এই জন্মক্ষণ অসমীয়া জাতিৰ অস্তিত্ব আৰু স্বকীয়তা ৰক্ষাৰ মহাসংগ্ৰামৰো এক জটিল সন্ধিক্ষণ । বিভেদকামী শক্তি আৰু ইয়াৰ ছদ্মবেশী অনুচৰ বৰ্গই অপপ্ৰচাৰ আৰু ভুৱা তথ্যৰে জনপ্ৰিয় সামাজিক মাধ্যমত সিহঁতৰ জাতি বিদ্বেষ আৰু দুষ্কৃতিৰ হলাহল  পূৰামাত্ৰাই বিয়পাই দিছে ।এই সন্মিলিত আক্ৰমণক প্ৰতিহত কৰিবলৈ নৱচিন্তন ৰ দৰে স্বতন্ত্ৰ ,শক্তিশালী,সমন্বয়ৰ বাৰ্তাবাহী ই আলোচনীৰ গুৰুত্ব অপৰিসীম ।।নৱচিন্তন লৈ অভিবাদন!

Post a Comment

0 Comments