ফিজিঅ'থেৰাপি বিষ আৰু প্ৰতিবন্ধকতাৰ নিৰ্ভৰযোগ্য চিকিৎসা

ফিজিঅ'থেৰাপি বিষ আৰু প্ৰতিবন্ধকতাৰ নিৰ্ভৰযোগ্য চিকিৎসা


অস্থি বিভাগৰ ফিজিঅথেৰাপি বিশেষজ্ঞ। 
মূখ্য প্ৰৱন্ধক, চাওলুং চুকাফা হেলথ কেয়াৰ এণ্ড ৰিচাৰ্চ ইনছষ্টিটিউট, হাটীগাও, গুৱাহাটী

ৰোগ নিৰাময়ৰ বাবে ঔষধ সেৱন কৰিব লাগে বুলি সকলোৱে জানো। কিন্তু আধুনিক চিকিৎসা ব্যৱস্থাত ঔষধ অবিহনেও সম্ভৱ হৈছে ৰোগ নিৰাময়। সাধাৰণতে এজন সুস্থ ব্যক্তিৰ শৰীৰত যেতিয়া অস্বাভাৱিকতাই দেখা দিয়ে তেতিয়া ব্যক্তিজনৰ দেহত বিভিন্ন ৰোগৰ উপসৰ্গই দেখা দিয়ে। ৰোগৰ বীজাণুৰ সৈতে যুজঁ দি আমাৰ শৰীৰটোক নিৰোগী কৰি ৰাখিবলৈ Immuno System নামৰ এক বিশেষ ব্যৱস্থা আছে। Immuno System নামৰ এই শক্তিয়ে ৰোগৰ বীজাণুৰ সৈতে পাৰ্যমানে যুদ্ধত লিপ্ত হয় আৰু ৰোগ সৃষ্টিকাৰী বীজাণুক পৰাজয় কৰিবলৈ সক্ষম হয়। দুয়ো পক্ষৰ যুদ্ধৰ ফলত যদি আমাৰ Immuno System টো কিবা কাৰণত পৰাজিত হয়, তেতিয়াই আমাৰ দেহত জ্বৰ-পানীলগা আদি নানা ৰোগৰ সৃষ্টি হয়। এনে অৱস্থাত চিকিৎসকৰ পৰামৰ্শ অবিহনে অৱশ্যে সৰু-সুৰা ৰোগতে ঔষধ সেৱন কৰিলে বিৰূপ প্ৰভাৱহে পৰিব। সামান্য অসুখতে ঔষধ সেৱন কৰিলে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নিষ্কর্মা হৈ পৰিব পাৰে। চিকিৎসা বিজ্ঞানত পূৰ্বৰে পৰা প্ৰচলিত এক চিকিৎসা পদ্ধতি হৈছে ফিজিঅ'থেৰাপি চিকিৎসা। বিশ্বৰ বিভিন্ন প্ৰান্তত সম্প্ৰতি ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে এই চিকিৎসা পদ্ধতিয়ে। কিন্তু ইয়াৰ বিপৰীতে উত্তৰ-পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যত এতিয়াও ফিজিঅ'থেৰাপি চিকিৎসা সজাগতাৰ অভাৱ। যাৰ বাবে পাৰ্শ্বক্ৰিয়াবিহীন ফিজিঅ'থেৰাপি চিকিৎসা সম্পৰ্কত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু লোকেই অজ্ঞ। ফিজিঅ'থেৰাপি হৈছে শৰীৰচৰ্চা বা ব্যায়াম আৰু ইলেক্ট্ৰথেৰাপি(Electrotherapy) ব্যৱস্থাৰে কৰা চিকিৎসা। ব্যায়াম হ'ল মানৱ জীৱনৰ এটা অপৰিহাৰ্য অংগ। নিয়মিত ব্যায়াম কৰিলে এজন ব্যক্তিয়ে নিৰোগী জীৱন লাভ কৰিব পাৰে। সেয়েহে পশ্চিমীয়া দেশসমূহত ব্যায়ামৰ সমান্তৰালকৈ বহিঃক্ৰীড়াৰো প্ৰভাৱ দেখা যায়। অৱশ্যে আজিকালি আমাৰ দেশতো ক্ৰমাৎ জনপ্ৰিয় হৈছে ব্যায়াম, যোগ সাধন ইত্যাদিৰ লগতে সাঁতোৰ, দৌৰ, শৰীৰ চৰ্চা আদি। শিশু অৱস্থাৰ পৰাই ব্যায়াম কৰাটো অভ্যাসত পৰিণত কৰাটো অতি জৰুৰী।দৈনন্দিন কৰ্মৰাজিৰ পিছৰ আজৰি সময়কণত যদি নিয়মিত কিছু সময় ব্যায়াম কৰা হয়, তেন্তে বাতবিষ, ডিঙিৰ বিষ, কঁকালৰ বিষ আদিৰ পৰা কিছু পৰিমাণে হ'লেও ৰক্ষা পাব পাৰি।  
শেহতীয়াকৈ আমাৰ দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে শিশু অপৰাধীৰ সংখ্যা। শিশুৰ মনত প্ৰকট হোৱা এই অপৰাধপ্ৰৱনতা ৰোধ কৰাৰ ক্ষেত্ৰতো ব্যায়ামে যথেষ্ট সহায় কৰে। পশ্চিমীয়া দেশবোৰৰ দৰে আমাৰ অভিভাৱকসকলেও যদি তেওঁলোকৰ সন্তানৰ সৈতে ব্যায়াম আৰু বহিঃক্ৰীড়াৰ মাধ্যমেৰে কিছু সময় অতিবাহিত কৰে, তেন্তে শিশুৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ বহু পৰিমাণে উৎকৰ্ষ সাধন হয়। শিশুৰ মনত উদয় হয় উচ্চ চিন্তাধাৰা। জন্মগতভাৱে শাৰীৰিক লক্ষণ স্বাভাৱিক নোহোৱা শিশুৰ (erebral Palsy) সংখ্যাও আমাৰ দেশত বহু পৰিমাণে বৃদ্ধি পাইছে। গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ দৈনন্দিন কামত ঘটা বিজুতিৰ বাবে কেতিয়াবা গৰ্ভত থকা শিশুটিৰ মগজুত আঘাত লাগে। আৰু মগজুৰ এটা বিশেষ অংশত হোৱা এনে আঘাতৰ ফলতে জন্মগতভাৱে অস্বাভাৱিক হৈ পৰে শিশুটি। এনে শিশুক চিকিৎসা কৰি যথেষ্ট সফল হৈছে 'ফিজিঅ'থেৰাপি' চিকিৎসা। কোনো ঔষধ ব্যৱহাৰ নকৰাকৈ কৰা এই ফিজিঅ'থেৰাপি চিকিৎসাৰ জৰিয়তে চিজাৰিনৰ পৰিৱৰ্তে স্বাভাৱিক অৱস্থাৰে সুস্থ সবল শিশু জন্ম দিয়াবও পৰা যায়। আৰামদায়ক জীৱন যাপনেই হওক বা কঠোৰ পৰিশ্ৰমৰ অভাৱতেই হওক, বৰ্তমান যিকোনো বয়সৰ মানুহৰ মাজতে বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ বিষ। ফিজিঅ'থেৰাপি হৈছে ন-পুৰণি বিষত আক্রান্ত এজন ব্যক্তিৰ বাবে আশাৰ বতৰা। এই চিকিৎসা পদ্ধতিৰ জৰিয়তে Frozen shoulder, Spondylosis, bells pulsy, Hemiplegia, Post opperative fracture, tennis elbow, peralysis, sports Injury, Slip Disk ইত্যাদি ৰোগ সহজে নিৰাময় কৰিব পাৰি। পেৰেলাইচিছ ৰোগত আক্ৰান্ত ব্যক্তিৰো স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পাৰি, অৱশ্যে এই চিকিৎসা অভিজ্ঞ চিকিৎসকৰ দ্বাৰাহে গ্ৰহণ কৰাটো বাঞ্চনীয়। ফিজিঅ'থেৰাপি চিকিৎসা পদ্ধতিত Orthopedic, Neurology, Gynocology, Pediatric, Cardiology, Hand & Plastic Surgery, Sports Medicine ইত্যাদি বিভাগত পৃথক পৃথক বিশেষজ্ঞ চিকিৎসক আছে। গতিকে অন্যান্য চিকিৎসা পদ্ধতিৰ দৰে এই চিকিৎসা পদ্ধতিটো অভিজ্ঞ চিকিৎসকৰ জৰিয়তে পৰামৰ্শ   অথবা চিকিৎসা গ্ৰহণ সম্ভৱ। সাধাৰণতে এজন সচেতন ব্যক্তিৰ মনত প্ৰশ্নৰ সৃষ্টি হ'ব পাৰে যে ফিজিঅ'থেৰাপি আৰু অন্য চিকিৎসাৰ মাজত পাৰ্থক্য কি ? গতিকে এইখিনিতে অন্য চিকিৎসা পদ্ধতি আৰু ফিজিঅ'থেৰাপিৰ মাজত থকা কেতবোৰ পাৰ্থক্যৰ বিষয়ে চমুকৈ প্ৰকাশ কৰাটো সমীচীন হ'ব। সচৰাচৰ দেখা যায়, যিকোনো ধৰণৰ মাংসপেশী বা বাতবিষ আদিৰ পৰা সকাহ পাবলৈ সকলোৱে এল'পেথিক চিকিৎসাৰ সহায় লয়। এই চিকিৎসা অনুসৰি ঔষধ গ্ৰহণ কৰি সহজতে এনে বিষ উপশম কৰিব পৰা যায়। কিন্তু বিষ নিৰাময়ৰ ক্ষেত্ৰত এই ঔষধে তাৎক্ষণিকভাৱে ফল দিয়ে যদিও দীৰ্ঘম্যাদীভাৱে সমস্যাটো সমাধান নকৰে। ফলত মাজে-সময়ে পুনৰ বিষ উদ্ভৱ হোৱাৰ বাবে আকৌ ঔষধ সেৱন কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। কিন্তু এইদৰে বাৰে বাৰে ঔষধ সেৱন কৰিলে যথেষ্ট পাৰ্শ্বক্ৰিয়া হয়।  অত্যাধিক ঔষধ সেৱনে বিৰূপ প্ৰভাৱ পেলায় বৃক্ক আৰু যকৃতত। সেইদৰেই চুলি সৰা, কাণ-চকুৰ সমস্যাই দেখা দিয়ে। এইক্ষেত্ৰত কিন্তু ফিজিঅ'থেৰাপি চিকিৎসা গ্ৰহণ কৰিলে এইসমূহ বিৰূপ প্ৰভাৱ পৰিলক্ষিত নহয়। ইয়াৰ অন্যতম কাৰণ হৈছে যে, ফিজিঅ'থেৰাপি চিকিৎসা পদ্ধতিত ঔষধৰ পৰিৱৰ্তে ইলেকট্ৰনিক মাধ্যমেৰে চিকিৎসা কৰা হয়। সেয়েহে বৰ্তমান Ultrasonic Ray, Infrared Rediation, Short Wave, Long Wave, Hydrotherapy, Muscle Stimulator, Nerve Stimulator ইত্যাদি ফিজিঅ'থেৰাপি চিকিৎসাই ক্ৰমাৎ জনপ্ৰিয়তা লাভ কৰিছে। উল্লেখযোগ্য কথাটো হৈছে যে এই ফিজিঅ'থেৰাপি শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম আৰু পেৰেলাইচিছ ৰোগত আক্রান্তসকলক পুনৰ সংস্থাপন কাৰ্যসূচী (Rehabilitation Programm) ৰ জৰিয়তে নতুন জীৱনৰ সন্ধান দিব পাৰিব। এজন চিকিৎসক হিচাপে ৰোগীসকলৰ প্ৰতি আমাৰ এটাই পৰামৰ্শ, ঘৰুৱা পৰিবেশৰ পৰিৱৰ্তে আধুনিক যন্ত্ৰপাতিৰে পৰিপূৰ্ণ ফিজিঅ'থেৰাপি চিকিৎসা কেন্দ্ৰতহে চিকিৎসা গ্ৰহণ কৰক। কাৰণ থেৰাপিৰ সমান্তৰালকৈ আপোনাক প্ৰয়োজন হয় কেতবোৰ বিশেষ ব্যায়ামৰ। তাতোকৈ ডাঙৰ কথাটো হ'ল হায়ড্ৰকোলেটৰ থেৰাপি (Hydroculator Therapy), ৱাক্স বাথ (Wax Bath) ইত্যাদি ধৰণৰ আধুনিক চিকিৎসাৰ অধিক ফল সম্ভৱ হয় পূৰ্ণপৰ্যায়ৰ চিকিৎসা কেন্দ্ৰতহে। যিহেতু চিকিৎসা কেন্দ্ৰসমূহ ৰোগীৰ উপযোগীকৈ সাজু কৰা হয়, সেয়েহে এনে পৰিবেশত গ্ৰহণ কৰা থেৰাপি ঘৰুৱা অস্থায়ী পৰিবেশত লোৱা থেৰাপিতকৈ অধিক লাভজনক। আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে ঘৰুৱা পৰিবেশত ফিজিঅ'থেৰাপি প্ৰদান কৰোতে উপযুক্ত সুবিধাৰ অভাৱত কিছু তাৰতম্য ঘটিলে ৰোগীজন বিৰূপ প্ৰভাৱৰ সন্মূখীন হ'ব পাৰে। এই ক্ষেত্ৰত সকলো সাৱধান হোৱা ভাল।

Post a Comment

0 Comments