আলি আয়ে লিগাং : বিশ্বাস আৰু পৰম্পৰা

আলি আয়ে লিগাং : বিশ্বাস আৰু পৰম্পৰা




সঞ্জীৱ বৰুৱা, শিৱসাগৰ



চাৰিওফালে প্ৰাকৃতিক ভাৱে নান্দনিক ৰূপত সজীৱ হৈ থকা এই সুবিশাল অসমভূমিৰ মিছিং সকল অন্যতম প্ৰধান জনগোষ্ঠী ৷ নদী মাতৃক দেশ অসম ৷ ব্ৰহ্মপুত্ৰ, দিখৌ, দিচাং,সোৱণশিৰি, ধনশিৰি, দিহং, খেৰসুতী, ঘূণাসূঁতি আদি নৈৰ সমূহৰ পলসুৱা ভূমি অঞ্চলতেই এই জনজাতীয় ভাইসকলৰ প্ৰধান বসতিস্থল ৷ 

অসমৰ প্ৰতিটো জনগোষ্ঠীৰে অধিকাংশ উৎসৱ কৃষি লগত সম্পৰ্কীয় ৷ প্ৰকৃতিৰ বুকুত নাঙলেৰে কৰ্ষণ কৰাৰ আগতেই প্ৰকৃতিৰ সন্তুষ্টিৰ কাৰণে নিজস্ব পদ্ধতিৰে নৈবদ্য আগবঢ়াই ৰঙ আনন্দ কৰাটো চিৰাচৰিত প্ৰথা ৷ মিছিং সকলৰো আলি আয়ে লিগাং তেনে একপ্ৰকাৰৰ কৃষিভিত্তিক প্ৰধান জাতীয় উৎসৱ ৷ মিছিং ভাষাত আলি মানে শস্যৰ বীজ , আয়ে ফল, লিগাং মানে ৰোপণ বা সিঁচা কাৰ্য্য ৷ ফাগুন মাহৰ প্ৰথমজাক বৰষুণৰ লগে লগে প্ৰকৃতিৰ বুকুত ন কুঁহিপাতে গজালি মেলে ৷ লাহে লাহে বসন্ত ঋতুৰ আগমনে সকলোৰে মনত আনন্দৰ লহৰে গা কৰি উঠে ৷ এনে সন্ধিক্ষণত ফাগুনৰ প্ৰথম বুধবাৰৰ দিনা মিছিং সকলে আলি আয়ে লিগাং উদযাপন কৰে ৷ তেওঁলোকৰ দৃষ্টিত ফাগুন মাহৰ প্ৰথমটো বুধবাৰ অতি প্ৰৱিত্ৰ দিন ৷ 
অৱশ্যে পূৰ্বে সকলো মিচিং সমাজত একেদিনাই আলি-আয়ে-লৃগাং পতা নাছিল। মিচিং বানে কেবাঙৰ সিদ্ধান্ত ক্ৰমে ১৯৫৫ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ উদ্‌যাপন কৰি আহিছে।
আলি-আয়ে-লৃগাঙৰ প্ৰায় পোন্ধৰ/বিছ দিনৰ আগৰে পৰাই প্ৰস্তুতি আৰম্ভ হয়। আদিতে লৃগাংৰ বাবে সমূহীয়াকৈ গাঁৱৰ ৰাইজে চিকাৰ কৰিছিল। ‘কিঃৰুগ’, অৰ্থাৎ চিকাৰ কৰি অনা মাংস শুকুৱাই সেই দিনটোৰ বাবে সংৰক্ষণ কৰি ৰখাৰ নিয়ম। (অৱশ্যে বহুতো কাৰণত এই চিকাৰৰ নিয়ম বৰ্তমান উঠি গৈছে)। ঠিক সেইদৰে গাঁৱৰ ৰাইজে মিলি নদী, বিল আদিত মাছ মাৰি শুকান কৰি লয়। লৃগাঙৰ দিনা শুকান মাছ (ঙচান) খোৱাটো মিচিং সকলৰ পৰম্পৰাগত ৰীতি।
বয়ন শিল্পত মিচিং তিৰোতা অতি পাকৈত। এক কথাত ক’বলৈ গ’লে মিচিং ছোৱালীয়ে খোজ কাঢ়িবলৈ শিকাৰ আগতে নাচিব জানে আৰু কাপোৰ পিন্ধিব জনাৰ আগতে বব জানে। উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতি সকলৰ ভিতৰত মিচিং সকলৰ কাপোৰৰ আটাইতকৈ বেছি বিভিন্নতা থকাটো পৰিলক্ষিত হৈছে। ইয়াৰ ভিতৰত তিৰোতাই ব্যৱহাৰ কৰা কাপোৰেই বেছি। মিচিং তিৰোতাই ব্যৱহাৰ কৰা পোছাকবোৰ হৈছে : এগে, ৰিঃবি, গাচেং, ছমীৰ, পতালি বা চেগ্‌ৰেগ, চেগবুং, পঃতুব, কেবুং, পেঃৰে, পুচুংগাচৰ, নিচেগ, কেগৰেগ, মচাঃনাম এগে ইত্যাদি।
পুৰুষে ব্যৱহাৰ কৰা কাপোৰবোৰ হৈছে : মিবু গালুগ, লুকৰ গালুগ, গৌনৰ ওগন , দুমৌৰ আদি। এইবোৰৰ উপৰি মিচিং তিৰোতাই গাদু (মিৰিজিম), তাপুম্‌, গাচৰ আদি মূল্যৱান কাপোৰ তৈয়াৰ কৰে।
লৃগাঙত ব্যৱহাৰ হোৱা সকলো কাপোৰ মিচিং তিৰোতাই আগতীয়াকৈ তৈয়াৰ কৰি লয়। পুৰুষ সকলে কাপোৰ বোৱা নিষেধ।



উৎসৱৰ তিনিসপ্তাহৰ আগতেই ঘৰৰ গৃহিণীহঁতে পঃৰ আপং (ছাইমদ) আৰু নগিন আপং (বগা মদ) আৰু লৃগাংত ব্যৱহাৰ হোৱা পুৰাং আপিন (তৰাপাতেৰে চাউলৰ টোপোলা বান্ধি প্ৰস্তুত কৰা বিশেষ ভাত) প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগাৰ কৰে৷ লৃগাং উৎসৱত পিন্ধিব পৰাকৈ ছোৱালীবোৰে মোহনীয় প্ৰকৃতিৰ চিত্ৰৰে কিছুমান মচাং, এগ, ৰিঃ বি গাচেম, গেৰঃ দুমৰি বা মনৰ আপোনজনক মৰমৰ উপহাৰ দিবৰ বাবে ৰংচঙীয়া মিবু গালুক আদি সাজি উলিয়াবলৈ চেষ্টা কৰে৷ গৃহিণীহঁতে দোকমোকালিতে উঠি ঘৰৰ চোতাল, চাংতল আদি সাৰি-মচি পৰিষ্কাৰ কৰে৷ গাঁৱৰ নদী-বিল, পুখুৰীত সকলোৱে মিলি মাছ ধৰে৷ উৎসৱৰ দিনা পুৱাতে গাঁৱৰ জীয়াৰী-বোৱাৰীহঁতে তিয়াই ৰখা বৰা চাউল তৰাপাতেৰে টোপোলা বান্ধি 'পুৰাং' আপিন সিজায়৷ ইয়াৰ পিছত গাঁৱৰ প্ৰতিঘৰৰ মুখিয়ালজনৰ নেতৃত্বত ঘৰৰ কেইজনমানে পথাৰত আহুধানৰ গুটি সিঁচা কাৰ্য শুভাৰম্ভ কৰে৷ সেই মাটিডৰাত চাৰি চুকত চাৰিডাল পীঃৰ (মেডেলা) গছৰ আগলি কাটি আনি গুজে৷ পীঃৰৰ আলিত থকা পাতবোৰ একেলগে মেৰিয়াই বগা সূতাৰে বান্ধি ৰাখে আৰু পূৱেদি গুজি পীঃৰ গছৰ আগলি ডালৰ গুৰিতে সঁচ লৈ পঃৰ আপং আৰু নগিন আপং ঢালি প্ৰাৰ্থনা কৰে৷



আলি আয়ে লিগাঙত নিশা ডেকা-গাভৰুৱে মিলি ঘৰে ঘৰে ‘গুমৰাগ’ নাচে। গুমৰাগ হৈছে আলি-আয়ে-লৃগাংৰ বিশেষ নৃত্য।। ইয়াত বিশেষকৈ ঢোলৰ চেও আৰু বিশেষ এবিধ গীত গোৱা হয়। ঢোল-তাল, পেঁপা আদিৰ উপৰি লৃগাং বিহুত ‘লৌঃলং মাৰবাং আদি বজোৱা হয়।

ঐনিতম হৈছে মিচিং সকলৰ জনপ্ৰিয় গীত। লৃগাং বিহুত ঐনিতমৰ বিশেষ প্ৰাধান্য আছে। ইয়াত আছে পোৱাৰ উল্লাস আৰু নোপোৱাৰ বেদনা। এক কথাত ক’ব পাৰি মিচিং সমাজত যি আছে ঐনিতমত আছে আৰু ঐনিতমত যি নাই, মিচিং সমাজতো নাই।
লৃগাং বিহু ঠায়ে ঠায়ে পাঁচ দিনৰ পৰা সাঁত দিনলৈ চলে। গুমৰাগ গাই পোৱা টকাৰে লিঃলেন উৎসৱ পালন কৰে। লিঃলেনৰ দিনা গাঁৱৰ সকলোৱে মিলি মুৰং ঘৰত ভোজ পাতে। ইয়াৰ আগলৈকে (লৃগাং দিনাৰ পৰা লিঃলেনৰ সময়লৈকে) গাঁৱত কিছুমান নিয়ম-বান্ধোনত থাকিব লগা হয়। বিশেষকৈ, খোৱা-বোৱা আৰু কাম-কাজত নিষিদ্ধ আৰোপ কৰা থাকে। উদাহৰণ স্বৰুপে, বাহিৰলৈ (আন ঠাইলৈ) যাব নাপায়, তাঁত ব’ব নাপায় আদি। কিন্তু লিঃলেনৰ পাছত সকলো বান্ধোন বা নিষিদ্ধ উঠাই দিয়া হয়।
ভোজৰ পাছত শেষৰ বাৰৰ বাবে আটায়ে (বৃত্তাকাৰে) আকৌ গুমৰাগ নাচে। গুমৰাগ চঃমানত ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে ভাগ ল’ব পাৰে।
আলি-আয়ে-লৃগাঙৰ প্ৰত্যেকটো দিশতে তাৎপৰ্যপূৰ্ণ আৰু সৃষ্টিমূলক তথ্য লুকাই আছে। এই উৎসৱৰ লগত মিচিং তথা সমগ্ৰ মানৱ সমাজৰ সাংস্কৃতিক চৰিত্ৰ বিহিত হৈ আছে। এই খিনিতে উল্লেখ কৰিব পাৰি যে লৃগাং উৎসৱৰ মাংগলিক শ্লোক বোৰত সূৰ্য্য, চন্দ্ৰ আৰু পৃথিৱীক উদ্দেশ্য কৰি সমগ্ৰ মানৱ জাতিৰ মংগল কামনা কৰা হয়।
আলি-আয়ে-লৃগাং বছৰি আহে আৰু যায়, দি যায় শুকান পৃথিৱীলৈ বৰষাৰ নৱ সম্ভাৰ। সেয়েহে মিচিং ডেকা-গাভৰু, বুঢ়া-বুঢ়ী আটায়ে মিলি দঃঞি-পঃলক স্মৰণ কৰি পৃথিৱীক শস্য-শ্যামলা, সুজলা-সুফলা কৰিবলৈ আকুল আহ্বান জনায়।
‘দঞি আদ্‌লাংকা, পঃল আদ্‌লাংকা
মি-মিমাঙেম পুঃপ-জাৰ্‌প মলাংকা’
ভাবাৰ্থ : সূৰ্য্য শুনিবা, চন্দ্ৰ শুনিবা
আজি আমি শস্যৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিছো। জীৱ-জন্তু, মানৱ সমাজক কুশলে থাকিবলৈ দিবা।



প্ৰসংগ: ১ /লোকসংস্কৃতিৰ সঁফুৰা - প্ৰৱিত্ৰ কুমাৰ পেগুৰ বিশেষ নিবন্ধ

২/ অসমৰ লোক-সংস্কৃতি - চাও লোকেশ্বৰ গগৈ ৷

Post a Comment

0 Comments