পিতৃ-মাতৃ আৰু সন্তানৰ সংঘাত এক সামাজিক ব্যাধি নহয় যেন

পিতৃ-মাতৃ আৰু সন্তানৰ সংঘাত এক সামাজিক ব্যাধি নহয় যেন
✍ আৰতি দেৱী
অধিবক্তা
গুৱাহাটী উচ্চ ন্যায়ালয়

আদালতৰ কাঠগড়াত থিয় হৈ থকা মানুহজনে হুকহুকাই কান্দি উঠিল। মহামান্য বিচাৰপতিলৈ চাই কান্দি কান্দি বৃদ্ধ মানুহজনে ক'লে- 'নালাগে প্ৰভু ঈশ্বৰ, হেজাৰ হ'লেও মই বাপেক, মই নোৱাৰো, নোৱাৰো মই চাই থাকিব সি শাস্তি পোৱাটো। ঈশ্বৰ যদি আছে, ঈশ্বৰেই তাক শাস্তি দিব। মই আৰু গোচৰ নচলাও প্ৰভু। প্ৰায় আশী বছৰ বয়সীয়া বৃদ্ধ মানুহজনৰ চকুলোৱে আদালতৰ ভিতৰত উপস্থিত থকা অধিবক্তাসকলৰ লগতে আন মানুহসকলৰো চকু সেমেকাই তুলিলে। মোৰ বুকুখনত সেই পুৰণা বিষয়টোৱে বৰকৈ আমনি কৰিলে। মোৰ দুচকুও সেমেকি উঠিল। বিচাৰপতিয়ে বৃদ্ধ মানুহজনৰ আচামী পুত্ৰলৈ চাই ক'লে 'আপোনাৰ পিতৃয়ে এই গোচৰ আৰু আগবঢ়াব খোজা নাই, গতিকে আজিৰ পৰা আপুনি আৰু আদালতলৈ আহিব নালাগে। এই গোচৰৰ পৰা আপোনাক ৰেহাই দিয়া হ'ল। বৃদ্ধ মানুহজনে উৱলি যোৱা কামিজৰ চুক এটাৰে চকু দুটা মচি মচি আদালতৰ বাহিৰলৈ ওলাই আহিল। আদালতৰ দুৱাৰ মুখত সেমেনা সেমেনিকৈ ৰৈ থকা বৃদ্ধজনৰ পুত্ৰই মাত দিলে 'দেউতা'; কিন্তু বৃদ্ধজনে এবাৰো পুতেকৰ ফালে নাচালে। লগত অহা সমবয়সীয়া আন এজন বৃদ্ধ মানুহৰ হাতখনত ধৰি আদালত চৌহদৰ পৰা থৰক বৰক খোজেৰে লাহে লাহে ওলাই গ'ল। 
           উক্ত ঘটনাটোত জড়িত বৃদ্ধ মানুহজন স্থানীয় পানীখাইতি অঞ্চলৰ বাসিন্দা আৰু গোচৰটোৰ গোচৰীয়া। পত্নীহীনা হোৱা প্ৰায় দহবছৰ হ'ল মানুহজনৰ। পানীখাইতিত বৃদ্ধ মানুহজনৰ নামত একচনীয়া মাটি আধাকঠা আছে। জীৱনৰ সমস্ত সাঁচতীয়া ধন গোটাই অসম আৰ্হিৰ দুটা কোঠাৰে এটি সাধাৰণ ঘৰ সাজি পত্নী আৰু একমাত্ৰ পুত্ৰৰ স'তে সাধাৰণভাৱে কিন্তু সুখেৰে চলি আছিল। চৰকাৰী কোনো এটা বিভাগত তৃতীয় বৰ্গৰ চাকৰি এটা কৰিছিল। অৱসৰ লোৱাৰ পাছত পোৱা টকা পইচা যিখিনি আছিল, সেইখিনি ঘৰটো বনাই একমাত্ৰ পুত্ৰ পত্নীৰে স'তে চলি থাকি বিবাহৰ উপযুক্ত হোৱাত পুত্ৰৰ স্থানীয় ছোৱালী এগৰাকীৰ স'তে বিয়া পাতি দিলে। তাৰ দুবছৰ পাছত এক দুৰাৰোগ্য ৰোগত পত্নীৰ মৃত্যু হ'ল। স্নাতক ডিগ্ৰীধাৰী পুত্ৰই এক প্ৰতিষ্ঠানত কাৰিকৰী শিক্ষা লৈ ব্যক্তিগত প্ৰতিষ্ঠান এটাত চাকৰি কৰে। বিয়াৰ পাছত প্ৰথম অৱস্থাত বোৱাৰীজনীৰ ব্যৱহাৰ পাতি হেনো ভালেই আছিল। নাতি ল'ৰা এটা জন্ম হোৱাৰ পাছৰে পৰা বোৱাৰী পুত্ৰৰ ব্যৱহাৰ সলনি হ'বলৈ ধৰিলে। বয়স আৰু সৰু-সুৰা ৰোগে কোঙা কৰা মানুহজনৰ বেংকত মাহে জমা হোৱা পেন্সণৰ ধনখিনি পুতেকেই উলিয়াই অনেগৈ। এটা সময়ত গৈ পুত্ৰ বোৱাৰীৰ ব্যৱহাৰ দুৰ্ব্যৱহাৰৰ ৰূপ ল'লেগৈ। নানা কটূ কথা, আনকি খোৱা বোৱা ভালকৈ দিয়া আৰু ৰুগীয়া পিতৃৰ আলপৈচান ধৰাটো দূৰৰ কথা, বৃদ্ধ পিতৃজন এটা সময়ত ঘটনাৰ পাকচক্ৰত পৰি ঘৰৰ পৰা ওলাই আহিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'ল। পুত্ৰ-বোৱাৰীয়ে কোনো এক অজুহাত উলিয়াই বৃদ্ধ পিতৃৰ গাত হাত তুলিলে আৰু দুৰ্ভগীয়া মানুহজন ঘৰৰ পৰা ওলাই যাব লগাত পৰিল। স্থানীয় ব্যক্তিৰ পৰামৰ্শত পুত্ৰ-বোৱাৰীৰ ব্যৱহাৰত অতিষ্ঠ মানুহজনে পুত্ৰৰ ওপৰত স্থানীয় থানাত এক গোচৰ দিলে আৰু সেই গোচৰৰ সাক্ষী দিবলৈ আহি মানুহজনে পুতেকৰ ওপৰত দিয়া গোচৰটো উঠাই ললে। আৰু এতিয়া জানিব পৰা মতে বৃদ্ধ মানুহজন কোনো এক বৃদ্ধ আবাসৰ বাসিন্দা হিচাপে আছেগৈ। 
           উপৰোক্ত ঘটনা এটা উদাহৰণ মাত্ৰ। সাম্প্ৰতিক সময়ত বৃদ্ধ পিতৃ-মাতৃৰ ওপৰত সন্তানে কৰা নিৰ্যাতনৰ বিষয়ে কাকতে পত্ৰই আৰু টেলিভিছনৰ বিভিন্ন চেনেলত সততে প্ৰচাৰ হৈ থকা দেখা যায়। মনলৈ প্ৰশ্ন আহে যি পিতৃ-মাতৃক ভগৱান সদৃশ বুলি ভাবিব লাগে বৃদ্ধ অৱস্থাত তেওঁলোকক এনে শাস্তি দিয়াৰ কাৰণ কি ? এফালেদি মানুহবোৰ শিক্ষাই দীক্ষাই আগবাঢ়ি গৈছে। আনহাতেদি শিক্ষাৰ অধঃপতন ঘটিছে অথবা শিক্ষাই মানুহবোৰৰ চিন্তাধাৰাৰ অৱনতি ঘটাইছে নেকি? যি বয়সত একোজন পিতৃ বা একোগৰাকী মাতৃক অলপ আদৰ যত্ন আৰু মুখৰ একোটা ভাল মাতৰ মাথোঁ প্ৰয়োজন তেনে সময়ত তেওঁলোকৰ প্ৰতি এনে ব্যৱহাৰ কিয়? সন্তানৰ দুৰ্ব্যৱহাৰৰ বাবে যেতিয়া একোজন পিতৃ বা মাতৃ আদালতৰ কাঠগঢ়াত থিয় দিব লগা হয় আমাৰ অন্তৰৰ এচুকত এক কঁপনিৰ সৃষ্টি হয়। মোৰ ক'লা কোটৰ আঁৰত সেই পুৰণা বিষয়টোৱে বৰ আমনি কৰে। বৃদ্ধ পিতৃ-মাতৃক অৱহেলাৰ দৃষ্টিৰে চোৱাটো যেন বৰ্তমান সময়ৰ এক ডাঙৰ ব্যাধি, যাৰ পৰিণতিত বৃদ্ধ পিতৃ-মাতৃয়ে শেষত বৃদ্ধাশ্ৰমত আশ্ৰয় ল'ব লগা হয়গৈ। কেৱল পিতৃ-মাতৃসকলেই নহয়। বৃদ্ধ বয়সৰ লোকক যেনে ককাক আইতাকে এনেদৰে নিৰ্যাতনৰ বলি হোৱা দেখা যায়।  তেওঁলোক আনৰ বাবে বোজা স্বৰূপ হৈ পৰে। এটা সময় আছিল য'ত যৌথ পৰিয়াল একোটাত ককাক-আইতাক, পিতৃ-মাতৃ, খুড়াক, পেহীয়েক, আদিসকল একেলগে বসবাস কৰিছিল। সকলোৰে মৰম চেনেহৰ মাজত লৰা-ছোৱালীসকলে উঠা বহা কৰোতে সমন্ধৰ গভীৰতাবোৰ বুজি পাইছিল, এক কথাত সিয়ে সামাজিক বান্ধোনৰ লগতে পৰিয়ালৰ আত্মিক মূল্যবোধকো এক সুকীয়া মাত্ৰা দিব পাৰিছিল। বৰ্তমান ভোগবাদী তথা বস্তবাদী আধুনিক সমাজখনত এনে একোটা পৰিৱেশৰ সৃষ্টি হৈছে যে সন্তান আৰু পিতৃ-মাতৃৰ মাজত যেন দূৰত্ব বাঢ়ি গৈছে। আধুনিক জগতখনত সন্তানক খোজ মিলাই আগবঢ়াই দিবৰ কাৰণে খেলা ধূলা নাচ গান ইত্যাদিৰ ইমানেই ব্যস্ত ৰখা যায় যেন প্ৰতিযোগিতাৰ দৌৰত সন্তানসকল আগবাঢ়ি নগ'লে জীৱনৰ অৰ্থই নাথাকিব। যৌথ পৰিয়ালবোৰৰ প্ৰায় বিলুপ্তি ঘটিল, ককাক আইতাকৰ পৰা সাধু শুনাৰ দিন হেৰাল, প্ৰাকৃতিক পৰিৱেশৰ লগত খেলা-ধূলাৰ ঠাইত ম'বাইল কম্পিউটাৰৰ দৰে যন্ত্ৰবিলাকৰে ধেমালি কৰোতে কৰোতে যেন সন্তানৰ হৃদয়বোৰো যন্ত্ৰৰ দৰে হৈ পৰিল। যান্ত্ৰিক জীৱনৰ গতিশীলতাই সন্তানসকলক যেন স্বাৰ্থপৰ হ'বলৈ শিকালে। চাকৰিজীৱী ব্যস্ত সন্তান বোৱাৰীসকলৰ বাবে আৰু প্ৰতিযোগিতাৰ দৌৰত আগবাঢ়ি যোৱা কণ কণ শিশুসকলৰ এতিয়া ককাক আইতাকসকলৰ বাবে সময় নোহোৱা হ'ল। সেয়ে ককাক আইতাক আৰু এটা সময়ত বৃদ্ধ পিতৃ-মাতৃসকল নিসংগ হৈ পৰে। ভোগৰ লালসাত সন্তানসকলে বৃদ্ধ পিতৃ-মাতৃক দুৰ্ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰা হ'ল। এয়াই যে বৰ্তমান সমাজৰ এক নগ্ন ছবি। জন্ম হোৱাৰ পৰা অতি মৰম যত্নেৰে তুলি তালি ডাঙৰ দীঘল কৰা সন্তানসকলৰ বাবে বৃদ্ধ পিতৃ-মাতৃ এতিয়া যেন একোটা বোজাস্বৰূপ। জীৱনৰ অন্তিম কালত সন্তানৰ অকণমান মৰম, এষাৰ মাত, অকণমান শান্তিৰ বাবে বৃদ্ধসকলে যেন হাহাকাৰ কৰিবলগীয়া হোৱাটো এক চিৰাচৰিত প্ৰথাত পৰিণত হ'ল। অকল পিতৃ-মাতৃয়েই নহয় বিধৱা বৃদ্ধ লোক সকলো বহু ক্ষেত্রত পৰিয়ালত অৱহেলাৰ পাত্ৰ হৈ দুখ যন্ত্ৰণাকে আঁকোৱালি ল'ব লগা হয়।
         বয়োজ্যেষ্ঠ নাগৰিকসকলৰ জীৱন ধাৰণৰ সুৰক্ষাৰ কথা চিন্তা কৰি, তেওঁলোক যাতে শোষণ তথা অৱহেলাত পৰিব লগা নহয় তাৰ বাবে চৰকাৰী তথা বেচৰকাৰী খণ্ডবোৰ জ্যেষ্ঠ নাগৰিকৰ কল্যাণৰ বাবে কিছু নীতি প্ৰৱৰ্তন কৰিছে। ১৯৯১ত ৰাষ্ট্ৰ সংঘই এক পঞ্চনীতি-নিৰ্ধাৰণ কৰে। যেনে (১) সকলো জ্যেষ্ঠ নাগৰিকেই খাদ্য পানী, আশ্ৰয়-গৃহ ইত্যাদি মৌলিক সুবিধাসমূহ পোৱাটো নিশ্চিত হ'ব লাগিব। (২) পৰিয়াল পৰিচালনা আৰু সমাজৰ ৰীতি-নীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত জ্যেষ্ঠ নাগৰিকৰ মতামতক অগ্ৰাধিকাৰ দিব লাগিব। (৩) জ্যেষ্ঠ নাগৰিকসকলে স্বচ্ছল জীৱন-যাপন কৰাৰ ক্ষেত্ৰত তেওঁলোকে সন্মুখীন হোৱা দুৰ্যোগ, বিপদ আদিৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা কৰাৰ উপৰি প্ৰয়োজনীয় পৰিচৰ্যাখিনি আগবঢ়াব লাগিব। (৪) জ্যেষ্ঠ নাগৰিকসকলৰ কল্পনা, চিন্তা-চৰ্চা বা তেনেধৰণৰ ভাৱ পূৰণ কৰাটো নীতি হিচাপে স্বীকাৰ কৰিব লাগিব। (৫) সকলো জ্যেষ্ঠ নাগৰিকেই সম্পূৰ্ণ মৰ্যাদা সহকাৰে জীয়াই থকাৰ সুবিধা পাব লাগিব, সামাজিক, আৰ্থিক আৰু মানসিক উৎকৰ্ষ সাধনৰ দিশত উচিত ব্যৱস্থা গ্ৰহণ কৰি মৰ্যাদা অক্ষুন্ন ৰাখিব লাগিব। এই নীতিসমূহৰ আৰ্হিতেই ভাৰত চৰকাৰে ১৯৯৭ত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ৰেল, বাছসেৱা, বিমান সেৱা, আয়কৰ, বীমা, চিকিৎসা সেৱাৰ ক্ষেত্ৰত বিশেষভাৱে সা-সুবিধা আগবঢ়াই বিভিন্ন ব্যৱস্থা সন্মান মৰ্যাদাৰ স'তে নিৰ্ধাৰণ কৰিছে। তদুপৰি আশ্ৰয়হীন বৃদ্ধ নাগৰিকসকলক তেওঁলোকক আশ্ৰয় দি, ৰক্ষণাবেক্ষণ দি, চিকিৎসা সেৱা প্ৰদান কৰাৰ ব্যৱস্থা আইনগতভাৱে প্ৰদান কৰিছে। ২০০৫ত জ্যেষ্ঠ নাগৰিক পৰিষদ, ২০০৭ত 'পিতৃ-মাতৃ আৰু জ্যেষ্ঠ নাগৰিকৰ ভৰণ-পোষণ আৰু কল্যাণ আইন' গ্ৰহণ কৰা হয়।২০১৬ত অসম চৰকাৰে জ্যেষ্ঠ নাগৰিকৰ বাবে আইন প্ৰৱৰ্তন কৰিছে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বলবৎ কৰা ২০০৭ৰ আইনখনকে প্ৰকৃত আইন হিচাপে গ্ৰহণ কৰা হৈছে।অসম চৰকাৰে যোৱা ছেপ্টেম্বৰত বৃদ্ধ পিতৃ-মাতৃ আৰু দিব্যাংগসকলক চোৱাৰ বাবে বিধেয়ক 'প্ৰণাম' অনুমোদন জনোৱা হয়। ভাৰতবৰ্ষত অসমে এনে বিধেয়ক বলবৎ কৰা প্ৰথমখন ৰাজ্য হিচাপে স্থান পাইছে। যদিহে কৰ্মচাৰীজনৰ পৰিয়ালৰ কোনো লোক দিব্যাংগ হয়, তেওঁৰ দায়িত্ব কৰ্মচাৰীজনে ল'ব লাগিব।  আকৌ কৰ্মচাৰীজনৰ বিৰুদ্ধে যদি পিতৃ-মাতৃয়ে ভৰণ-পোষণ নিদিয়াৰ অভিযোগ দিয়ে, তেনে এই আইনৰ জৰিয়তে কৰ্মচাৰীজনৰ দৰমহা ১০ শতাংশ পিতৃ-মাতৃৰ বেংক একাউন্টত জমা কৰাৰ উপৰি একে অভিযোগৰ ভিত্তিত দিব্যাংগ ভাই-ভনীৰ বাবে দৰমহাৰ পাঁচ শতাংশ তেওঁলোকক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।  আমি নিবিচাৰোঁ যে পিতৃ-মাতৃ আৰু সন্তানৰ সংঘাতে সমাজত এক ব্যাধি হিচাপে পৰিচয় পাওঁক। যদিও আইন আৰু আঁচনিসমূহ বৃদ্ধ পিতৃ-মাতৃ অথবা অসহায়জনৰ বাবে বিভিন্ন নীতি গ্ৰহণ কৰিছে, এখন সুস্থ সমাজ অথবা সুস্থ বাতাবৰণ গঢ়ি তুলিবলৈ হ'লে প্ৰতিজন সন্তানে নিজৰ জন্মদাতা পিতৃ-মাতৃক সেৱা, সহায়ৰ হাত আগবঢ়াবই লাগিব। আইন বা আঁচনি এই ক্ষেত্ৰ একমাত্ৰ উপায় নহয়। পৰিয়ালৰ সুস্থ পৰিৱেশৰ সৃষ্টিয়েহে সমাজখনৰ পৰিবেশ সুস্থ কৰি তুলিব। আমি আশাবাদী।

২৬ ডিচেম্বৰ ২০১৮ অগ্ৰদূতত প্ৰকাশিত ।

Post a Comment

0 Comments