ড°পৰমানন্দ মজুমদাৰক যুৱ-ছাত্ৰ পৰিষদৰ মঘাই ওজা বঁটা প্ৰদান



নিউজ ডেক্সঃ “গণ শিল্পী মঘাই ওজাৰ মৃত্যু তিথিত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ১০ বছৰ ধৰি এই বঁটা প্ৰদান কৰি অহাটো এটা মহান কাম । ইয়াৰ জড়িয়তে মঘাই ওজাৰ কৃতিত্ব মানুহৰ মাজলৈ প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰা হৈছে ।  ১৯৮৮ চনতে তেওঁ মঘাই ওজাৰ জীৱন কৰ্মৰ সংকলন প্ৰকাশ কৰি উলিয়াইছিল ।  এই ক্ষেত্ৰত মূল অনুপ্ৰেৰণা যোগাইছিল গণশিল্পী হেমাংগ বিশ্বাসে । হেমাংগ বিশ্বাসেই প্ৰথমে মঘাই ওজাক গাঁৱৰ পৰা ভাৰতীয় গণ নাট্য সংঘৰ জড়িয়তে সৰ্বভাৰতীয় পৰ্যায়ত পৰিচয় কৰাইছিল । হেমাংগ বিশ্বাসে ১৯৬৫ চনতে মঘাই ওজাৰ ঢোলবাদনৰ কৃতিত্ব সন্দৰ্ভত নতুন প্ৰতিদিন কাকতত আলোকপাত কৰিছিল । মঘাই ওজাৰ ক্ষেত্ৰত হেমাংগ বিশ্বাস আমাৰ কাৰনে স্মৰণীয় ব্যক্তি । হেমাংগ বিশ্বাসে বঙালী ভাষাত লিখা এখন কিতাপ মঘাই ওজাৰ নামত উচৰ্গা কৰিছিল ।” - এই বক্তব্য  গৱেষক, বিশিষ্ট লেখক ড° পৰমানন্দ মজুমদাৰৰ । যোৱাকালি যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ প্ৰেক্ষাগৃহত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত দশম বাৰ্ষিক ‘মঘাই ওজা বঁটা প্ৰদান’ৰ এক অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ এই বছৰ গণ শিল্পী মঘাই ওজা বঁটা যুৱ-ছাত্ৰ পৰিষদে বিশিষ্ট লিখক, গৱেষক গণশিল্পী মঘাই ওজাৰ জীৱন আৰু কৰ্ম আধাৰিত প্ৰথমখন গ্ৰন্থৰ সংকলন আৰু সম্পাদক ড° পৰমানন্দ মজুমদাক প্ৰদান কৰে । 
অনুষ্ঠানটোত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, সাধাৰণ সম্পাদক পলাশ চাংমাই, বিত্ত সম্পাদক শিৱ কলিতাকে আদি কৰি বহু কেইজন বিশিষ্ট শিক্ষাবিদ তথা বিশিষ্ট ব্যক্তিয়ে ।

-


Post a Comment

0 Comments