এজন অসমীয়াৰ প্ৰচেষ্টাত নতুন দিল্লীত অসমীয়া খাদ্যৰ জুতি

দিল্লীৰ অসম ভৱনৰ "পাটকাই চন্দুকী" ৰেষ্টুৰেন্ট  

      অসমৰ থলুৱা শাক-পাচলি, ঘৰুৱা উৎপাদিত কম মছলাযুক্ত আৰু বইল মাছ-মাংসৰ লগতে ঠেকেৰা, ঔটেঙা, কলডিলৰ ব্যঞ্জনৰ পৰা তিল পিঠা, তেল পিঠালৈকে বিভিন্ন অসমীয়া খাদ্য সম্ভাৰেৰে সমৃদ্ধ উত্তৰ লক্ষীমপুৰৰ পৰা গৈ নতুন দিল্লীত ৰেষ্টুৰেন্টৰ সফল ব্যৱসায় কৰা অসম সন্তান - সোনমণি দাস । দিল্লীস্থিত অসম ভৱনত  ‘পাটকাই চন্দুকী’ নামেৰে দিল্লীৰ দৰে ঠাইতো ভাৰত তথা অসমৰ লগতে বাহিৰৰ বিভিন্ন পৰ্যটকক অসমৰ থলুৱা শাক, মাছ, মাংসৰ ব্যঞ্জন আৰু স্বাস্থ্যসন্মত বইল আহাৰ আৰু পিঠা-পনাৰে ৰেষ্টুৰেন্টত থলুৱাখাদ্য সম্ভাৰৰ সোৱাদ দিয়াৰ লগতে অসমীয়া সকলৰ বাবেও দিল্লীত অসমৰ থলুৱা খাদ্য সম্ভাৰ সোৱাদ লোৱাতো সূলভ কৰি তুলিছে অসম সন্তান সোনমণি দাসৰ প্ৰচেষ্টাই ।  আমি নৱচিন্তন পৰিয়ালৰ তৰফৰ পৰাও শ্ৰদ্ধাৰ সোনমণি দাসৰ এই প্ৰচেষ্টাক শলাগ জনোৱাৰ লগতে নতুন দিল্লীৰ পৰা এই প্ৰতিবেদন প্ৰস্তুত কৰা সাংবাদিক দেৱজ্যোতি বৰুৱালৈ ধন্যবাদ জনাইছো । দিল্লীবাসী আৰু দিল্লীৰ অসমীয়া ৰাইজৰ সুবিধা হোৱাকৈ সোনমণি দাসৰ অসম ভৱনস্থিত ‘পাটকাই চন্দুকী’ ৰেষ্টুৰেন্টৰ যোগাযোগ নম্বৰ ৰাইজলৈ আগবঢ়ালো - 01145609763/26877111 আৰু 9854210203  ।

-

Post a Comment

0 Comments