হুৱাটছ এপ যোগে শিক্ষাদান সিংহদ্বাৰ শংকৰদেৱ শিশু নিকেতনৰ


হাঁহচৰাৰ বিশেষ প্ৰতিবেদক, ২৭ মাৰ্চ: শিৱসাগৰ জিলাৰ সিংহদ্বাৰ অঞ্চলৰ শংকৰদেৱ শিশু নিকেতনে দশম শ্ৰেণীৰ বিদ্যৰ্থী সকলৰ বাবে হুৱাটছএপ গ্ৰুপৰ জৰিয়তে শিক্ষাদানৰ ব্যৱস্থা কৰিছে ৷ এই ক্ষেত্ৰত নিকেতনৰ সকলো বিষয়ৰ আচাৰ্য সকলে পূৰ্ণ সহযোগ আগবঢ়াইছে বিদ্যাৰ্থী সকললৈ ৷ মহামাৰী কৰ’ণা ভাইৰাছৰ বাবে দেশত হৈ থকা জৰুৰীকালীন অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি দশম শ্ৰেণীৰ বিদ্যৰ্থী সকলৰ যাতে শিক্ষা গ্ৰহণত অসুবিধা নহয় তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি নিকেতন কৰ্তৃপক্ষৰ সঞ্চালক পবিত্ৰ চেতিয়াই জানিব দিছে। তাৰোপৰি ফোনযোগে নিকেতনৰ বিদ্যৰ্থী সকলৰ লগত সঘনাই যোগাযোগ কৰি অধ্যয়নত ব্যস্ত ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে নিকেতনৰ আচাৰ্য-আচাৰ্যা সকলে ৷ উল্লেখযোগ্য যে, ২০১৪ চনৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সিংহদ্বাৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈ আহিছে । এই ক্ষেত্ৰত নিকেতনখনৰ আচাৰ্য-আচাৰ্যা সকলৰ ভূমিকাক অঞ্চলটোৰ ৰাইজে শলাগ লৈছে ।

Post a Comment

1 Comments

  1. ৰমেন তালুকদাৰMarch 29, 2020 at 11:38 PM

    সুন্দৰ পদক্ষেপ

    ReplyDelete