বিহুৰ ওলগনি কণ্ঠ শিল্পী নয়ন অসম কলীয়াবৰীয়াৰ


মানুহ আজি মহামাৰীত আক্ৰান্ত । স্তব্ধ হৈ পৰিছে পৃথিৱী । তথাপি প্ৰকৃতিয়ে নিয়ম মানিবই ৷ বৰদৈচিলাজনীও অসমলৈ আহিবই ৷ কৃষকৰ মুখত হাঁহি নাই ৷ পেটত জুই ৷ শ্ৰমজীৱী মানুহে নেদেখাজনক ধিয়াই চকুলো টুকিছে ৷ বিজ্ঞানেও যেন সময়ৰ ওচৰত আজি হাৰ মানিব খুজিছে ৷ চৌদিশে মৃত্যুৰ কিৰিলি ৷ তথাপি বসন্ত আহিছে ৷ কপৌ ফুলিছে ৷ কুলিয়ে বিনাইছে ৷ শিপিনীৰ তাঁতৰ শালৰ বিহুৱান ল’বলৈ চেনাই এইবেলি নাহে ৷ হয়তো আহিব নোৱাৰে ৷ আঁহতৰ তলত ৰৈ ঢুলীয়া-পেঁপুৱাই  এইবাৰ নাচনীলৈ বাট নেচায় ৷ পেটৰ জুই, যৌৱনৰ জুই একাকাৰ হৈ পৰিছে ৷ কিন্ত ব’হাগক জানো অথলে যাব দিব পাৰি? বিহু নহ’লে জানো অসমীয়া জীয়াই থাকিব পাৰে? বিহুতো অসমীয়াৰ বুকুত আছে, তেজত আছে ৷ ব’হাগতেই জাতিটোৱে পণ লয় ৷ গা তিয়ায় ৷

   পৰিৱেশ প্ৰতিকূল হ’লেও চেনেহৰ বিহুটিক হাতযোৰ কৰি মাতিছোঁ, বিহুটি ঐ! বছৰি আহিবা ৷ অসমীয়া জাতিটোক জগাবাচোন! বিপদৰ কালতো মাহ-হালধিৰে জাতিটোৰ দেহ মন ধুৱাবাচোন! 

                               সকলোলৈকে ৰঙালীৰ ওলগ জনালোঁ । এইবাৰ সকলোৱে ঘৰতে বিহুটি পাতক ৷ চোতালতে এপাক নাচক ৷ এই ব’হাগতে পণ লওক ভাল দিন অহাৰ পিছত আমি ধৰণীত সোণ ফলাম ৷ মাটিৰ মানুহ আমি ৷ মাটিয়েই আমাৰ কৃষ্টি, সংস্কৃতি ৷ মাটিতেই আমি সপোন ৰচিম, সৰগ ৰচিম ৷ হাজাৰ বিঘিনি আহিলেও আমি তাক জয় কৰি চিৰসুন্দৰৰ আশীৰ্বাদেৰে জীৱন সোণালী কৰিম ৷ এই ব’হাগতেই, এই ব’হাগতেই আমি ইজনে সিজনক বুকুৰ মাজত সোমাই ল’ম ৷ জীয়া জীয়া উত্তাপেৰে ৷ নৱচিন্তনৰ এই মাধ্যমেৰে অসমবাসী সদৌটি ৰাইজলৈ বহাগ বিহুৰ ওলগ জনালো ।

Post a Comment

0 Comments