মৰাণ বিহু


✍ দিলীপ মৰাণ 
     তিনিচুকীয়া,অসম।

(আজি মৰাণ বিহুৰ উৰুকা
মানৱ জাতিলৈ যাছিলোঁ 
মৰাণ বিহুৰ অলেখ অযুত শুভকামনা)

হে'ই হাঁচতি ঐ চ'ত
          বিচতি ঐ চ'ত 
বুধে বিৰচতি(বৃহস্পতি)
মঙলে (মঙ্গল বাৰ)উৰুকা
      বিহু গৈ আছিলি ক'ত ?
(ল'ৰাৰ বিহু পদ)

হে'ই নাঙলতে হালি-জালি
       পদূলিতে ভৰি জালি 
বিচনী মইনা দৈ
        আহ যাং ওমলোংগৈ (ছোৱালীৰ বিহু পদ)
 (মৰাণ সকলৰ বিহু জোৰা পদ)
    
     আজিৰেপৰা স্বকীয় পৰম্পৰাৰে মৰাণ বিহু আৰম্ভ হৈছে।
আজি মঙল বাৰে মৰাণ জনজাতিৰ  বিহুৰ উৰুকা। অসমৰ অন্যতম থলগিৰি মৰাণ জনজাতিয়ে চ'তৰ সংক্ৰান্তিৰ পৰা বিহু পালন কৰাৰ পৰিৱৰ্তে বহাগ মাহৰ প্ৰথম সপ্তাহৰ প্ৰথম মঙলবাৰৰ পৰাহে বিহু পালন কৰে ।
     মঙলে উৰুকা,বুধে গৰুবিহু, একাদিক্ৰমে বৃহস্পতিবাৰে মানুহবিহু,জী-জোৱাই বিহু,আটা কুটুম বিহু........!
       বিহু অসমৰ জাতীয় উৎসৱ। অসমীয়াৰ হিয়াৰ আমঠু ,অসমীয়া জাতিৰ আয়ুসৰেখা।ঠিক সেইদৰে মৰাণ সকলৰো বিহু প্ৰধান উৎসৱ।
    মৰাণ বিহু সাংস্কৃতিক,কৃষিভিত্তিক, আনন্দৰ উৎসৱতে সীমাবদ্ধ নাথাকি ধাৰ্মিক আধ্যাত্মিক দিশটোতো গুৰুত্ব বহন কৰে !!
     মৰাণ সকলৰ সাংস্কৃতিক দৰ্শনৰ দিশৰ পৰা ব'হাগৰ প্ৰথম মঙলবাৰে উৰুকাৰ মহত্ব উপলব্ধি কৰিব পাৰি ! 
      ১/ প্ৰাক বৈষ্ণৱ কালছোৱাত মৰাণ সকল উপৰিপুৰুষীয়া পন্থাৰ বিশ্বাসী আছিল বৰ্তমানেও দেও বা উপৰিপুৰুষীয়া আধ্যাত্মিক শক্তি আৰাধনাৰ প্ৰভাৱ মৰাণ সকলৰ মাজত বিদ্যমান। সেই অনুপাতে উপৰিপুৰুষীয়া দেও বা প্ৰকৃতি সৃষ্টিৰ আদি শক্তিৰ দেও(উপৰিপুৰুষ)-ডাঙৰীয়াৰ শক্তি পৰম্পৰা  অনুসৰি মঙলবাৰ হৈছে পবিত্ৰ দিন। পাৰ্বতী আৰু শিৱ মৰাণ সকলৰ আৰাধ্য দেৱতা। শিৱ হৈছে মৰাণ জনজাতীয় আধ্যাত্মিক মৰাণ ধৰ্মীয় উপৰিপুৰুষীয়া শক্তি, পাৰ্বতী হ'ল বসুমতিৰ জী !!
     অৰ্থাৎ মৰাণসকলৰ ঐতিহাসিক পৰম্পৰা অনুসৰি ব'হাগ বিহু হৈছে শক্তি আৰু পৃথিৱী,প্ৰকৃতিক কৰা প্ৰথম পূজা উৰুকা ।পবিত্ৰ মঙলবাৰৰ উৰুকাৰ দিনা আই পাৰ্বতীৰ মাতৃ বসুমতীৰ ওপৰত কোনোধৰণৰ আঁচোৰ নমৰা বা মাটি খন্দা কাম মৰাণ সকলে নকৰে আৰু আই পাৰ্বতীক প্ৰকৃতি জ্ঞান কৰি প্ৰকৃতি প্ৰদত্ত কোনো ধৰণৰ গছ -লতা মৰাণ সকলে নিচিঙে,নাকাটে ।মৰাণ সমাজত প্ৰচলিত এই অনন্য পৰম্পৰাই মৰাণ জনজাতিৰ স্বকীয় বৈশিষ্ট্যক তুলি ধৰিছে।অৱশ্যে পৃথিৱীৰ আন আন লোক সকলৰ দৰে পূজা পৰম্পৰা মৰাণ সমাজত নাই ।
     ২/আন দৃষ্টিকোণৰ পৰা অসমীয়া বা মৰাণ সকলৰ সময়সূচী অনুসৰি ব'হাগ হৈছে অসমীয়া প্ৰথম মাহ অৰ্থাৎ চান্দ্ৰমাহ অনুসৰি ব'হাগ মাহটো মৰাণ সকলৰো বছৰৰ প্ৰথম মাহ!
      ব'হাগ বিহু (বেদ)চ'তৰ সংক্ৰান্তিত গৰু বিহু অৰ্থাৎ ব'হাগৰ সলনি চ'ত মাহত উৰুকা আৰু গৰু বিহু পালন কৰা হয়, সেই অনুসৰি মৰাণ সকলে চ'ত ৰ পৰা ব'হাগ বিহু পালন নকৰে; ইয়াৰ পৰিৱৰ্তে ব'হাগ মাহৰ পৰাহে বিহু পালন কৰে  ।অৰ্থাৎ ব'হাগৰ প্ৰথম মঙল বাৰে উৰুকা হিচাপে লৈ বিহু পৰম্পৰা আৰম্ভ কৰে ।
    ‌৩/তৃতীয় দৃষ্টিকোণৰ পৰা ১৪ এপ্ৰিল তাৰিখটো মৰাণ সকলৰ বাবে ক'লা দিন। এই দিনটোতে মৰাণসকলৰ অন‌্যতম প্ৰধান নেতা জাতীয় বীৰ ৰাঘৱ মৰাণ তাহানি ৰজাঘৰীয়াৰ কু- চক্ৰান্তৰ বলি হৈছিল | হুঁচৰি গোৱাৰ চলেৰে আহি  মিতিৰে হত্যা কৰে আৰু লগতে হাজাৰ হাজাৰ জৰৌৰৱা প্ৰজা গণক ৰাতিৰ ভিতৰতে হত্যাৰ নিৰ্দেশ দিয়ে। হাজাৰ জৰৌৰৱা প্ৰজা (সেই সময়ৰ নিষ্পেষিত ,নিৰ্যাতিত বহু জাতি -জনজাতিৰ  লোক)ৰ মৃত্যু হয় ।।
    ঐতিহাসিক প্ৰতাৰণা মৃত্যুৰ শোকৰ বাবেও ১৪এপ্ৰিল দিনটো ব'হাগৰ প্ৰথম মঙলবাৰ পৰিলেও মৰাণ সকলে বিহু পালন নকৰে !ইয়াৰ ব্যতিৰেকে পিছৰ মঙলবাৰটোক উৰুকাৰ দিন হিচাপে লৈ মৰাণ বিহু পালন কৰে।
      ধাৰ্মিক দৃষ্টি কোণৰ পৰা মৰাণ বিহুৰ গুৰুত্ব উপলব্ধি কৰিব পাৰি ।এই ক্ষেত্ৰত মৰাণ সকলে পূৰ্বতে কেঁচাই খাতি থানৰ পৰা  বিহু খোজি বিহু নমাই অনা পৰ্ব আছিল বৰ্তমানেও কিছু লোকে এই ধাৰা অটুট ৰাখিছে ! 
     মৰাণ জনজাতিৰ দৰে অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী 
দেউৰী আৰু তিৱা সকলো  শৈৱ শাক্ত পন্থাত বিশ্বাসী।  সেই গতিকে তেওঁলোকেও ব'হাগৰ  মঙলবাৰৰ পৰাহে বিহু পালন কৰে।
      কেঁচাইখাতি থানৰ সলনি বৰ্তমান গৰিষ্ঠ সংখ্যক মৰাণে গুৰু জনাক সাক্ষী কৰি বা নামঘৰৰ ভকত সকলক সাক্ষী কৰি সত্ৰ নতুবা গাৱঁৰ নামঘৰত পৰম্পৰাগতভাৱে পালন কৰি অহা বিহু তিথি খনৰ নিয়ম পৰম্পৰা অনুসৰিহে বিহু খোজা বা বিহু নমোৱা পৰ্ব পালন কৰে ।আনহাতে বিহু উৰুওৱা পৰ্বও গুৰু-ভকতক  সাক্ষী কৰি সত্ৰ-নামঘৰত সেৱা কৰি বছৰটোলৈ সকলোপ্ৰকাৰে কুশল মঙ্গল কামনা কৰি স্তুতি-প্ৰাৰ্থনাৰে বিহু সামৰে।বিহু উৰুৱাই ঘৰমুৱা হওঁতে ডেকা-জীয়ৰীৰ গালৈ ইজনে সিজনলৈ বিহু উৰুৱা ভকতৰ সবাহত বিলোৱা প্ৰসাদৰ চাউল চতিওৱা এক অঘোষিত পৰম্পৰাও আছে।তেনে কৰিলে সোনকালে জীৱনসংগীৰ সৈতে মিলন হ'ব বুলি এক লোক-বিশ্বাস আছে।ইয়াৰোপৰি বিহুখনক বছৰটোলৈ বিদায় দিলো বুলি হাতৰ বিহু তকা-ঢোলৰ মাৰি বিহুঘৰৰ মূধচ পাৰ হোৱাকৈ দলিওৱাৰ পৰম্পৰাও এক অলিখিত নিয়ম চলি আহিছে।
ভৰ যৌৱনা ঋতু ব'হাগৰ এই হেঁপাহৰ বিহুখন সাত দিন ,ন-দিন ,পাঁচ দিনীয়া বা প্ৰয়োজনত দিন বঢ়াই - কমাই লৈ বিযোৰীয়াকৈ মৰাণ  ডেকা-জীয়ৰীয়ে নিজ নিজ গাৱঁৰ কোনোবা আছুতীয়া ঠাইত (বৰ্তমান স্থায়ী বিহুঘৰ হৈছে) দুকোঠলীয়াকৈ সাজি বিহু নাচে আৰু গায়।দুকোঠলীয়া বিহুঘৰটোৰ একোঠালিত ডেকাল'ৰা আৰু আন কোঠালিত জীয়ৰীসকলে বিহুৰ পদ জোৰি ডেকাই জীয়ৰীক ,জীয়ৰীসকলেও ডেকাসকলক উদ্দেশ্যি যোৰানাম গাই বিহু পালন কৰে।পূৰ্বে সাত দিন সাত ৰাতি বিহু গোৱা মৰাণ জনজাতীয় পৰম্পৰা বৰ্তমান সময়ত বিভিন্ন পৰিস্থিতিগত কাৰণত দিনৰ খোলা বিহু গোৱাৰ বিপৰীতে   বেছিভাগ মৰাণ গাৱঁত এক,দুই, তিনিদিনকৈহে ৰাতি বিহু গোৱাৰ পৰম্পৰা আছে। ইয়াৰ উপৰিও মৰাণ বিহুৰ বহুত ক্ষেত্ৰত ধাৰ্মিক, আধ্যাত্মিক মহত্বও আছে। ধৰ্ম হুঁচৰিৰ পৰা আৰম্ভ কৰি ৰাতি বিহু,বৰ-মগা বিহুলৈকে ধাৰ্মিক মহত্ব উপলব্ধি কৰিব পাৰি ।বিযোৰীয়া বছৰৰ সংখ্যাৰ অন্তত তিনি,পাঁচ,সাত বছৰৰ মূৰে মূৰে নিজ অধ্যুষিত অঞ্চলক সাঙুৰি ধৰ্ম হঁচৰি গোৱা হয়।মৰাণ জনজাতীয় সমাজৰ লোকবিশ্বাস মতে ধৰ্ম হুঁচৰিত ভাৰ ভেঁটি দি সেৱা ধৰিলে বা নিমন্ত্ৰণ কৰি বৰ খোজিলে মনৰ আশা পূৰণ হয় বুলি জনবিশ্বাসো আছে।

মৰাণ বিহুৰ উৰুকাঃ
উৰুকাৰ আগদিনাই বাৰীৰ হালধী,থেকেৰা,লাও,বেঙেনা আদিৰ সৈতে মাখিয়তী,দীঘলতি ফুল সহিতে ডাল ঠেঙেনী আনি যতনাই থয়।মৰাণ জীয়ৰীহঁতেও পাত জেতুকা গছৰ পূৰঠ পাত চিঙি আনি থয়।কাৰণ উৰুকাৰ দিনা মাটি খান্দিব নাপায়,আই বসুমতিয়ে দুখ পায়!উৰুকাৰ দিনা গছ -লতা-বন-পাত কাটিব চিঙিব নাপায়,আই প্ৰকৃতিয়ে দুখ পায়।
উৰুকাৰ দিনটোলৈকে ঘৰৰ যত যি সাজপাৰ ,বাচন বৰ্তন,ঢাৰি -পাতি,বিচনা-সামগ্ৰী ঘৰখনত থাকে সেই সকলোবোৰ ধুই পখালি চাফ চিকুন কৰি থোৱাৰ নিয়ম।মৰাণ জনজাতিৰ কাঁজী শিপিনী জীয়ৰী-বোৱাৰীহঁতে উৰুকাৰ আগ দিনালৈকে নিজৰ তাতঝুটি/তাঁতশালত বই লোৱা নিজৰ পচন্দৰ ৰং-আৰ্হিৰ গামোছা,ৰিহা,চেলেং চাদৰ ,চুৰীয়া,তিয়নি(বয়োজ্যেষ্ঠজনলৈ চুৰীয়া),মেখেলা আদি কাপোৰ কাটি তুলুঠা-দু-পতি/যোৰপতি শালত আঁৰি থোৱাৰ নিয়ম।উৰুকাৰ দিনালৈকে কাপোৰ বই তাঁতশাল আজৰি নহ'লে বিহুৰ ব্যস্ততাৰ বাবে তাঁতশাললৈ পিঠিপাছ দিয়াৰ দৰে জীৱন সঙ্গীয়ে এৰি গুচি যাব বুলি প্ৰবাদ আছে।সেইয়েহে বিহুৰ আগতেই তাঁত শালৰ কাপোৰ বই সামৰিব পৰাটো সু-নিপূণ কাঁজি মৰাণ শিপিনিৰ এক বিশেষ ব্যক্তিত্ব আৰু কৃতিত্বও।
উৰুকাৰ গধুলি-মৰাণসকলৰ প্ৰতি ঘৰে ঘৰে পূৰ্বে যতনাই থোৱা বাঁহৰ  ১,২,৩,৪,৫,৭ ডলীয়া কাঠি সদৃশ চাট মাৰি সাজি হালধী ,থেকেৰা,লাও,বেঙেনাবোৰ চকল চকলকৈ কাটি চাটমাৰিত শিঙি থ'ব।বাঁহৰ খুন্দনা/খুদুনাত হালধী মিহিকৈ খুন্দি থ'ব।চাটমাৰিত হালধী থেকেৰা ,লাও বেঙেনা শিঙি আৰু তৰা পাতৰ গছৰ পতুৱাৰে তৈয়াৰী তৰাজৰী বাটি শেষ হ'লে ঘৰৰ বন্দুক(হাতেসজা হিলৈ)এজাঁই ফুটুৱাৰ পৰম্পৰা আছে। জীয়ৰীহঁতেও জেতুকা খুন্দি শোৱাৰ আগে আগে হাত-ভৰিত নিজৰ পচন্দমতে  লগায়।

গৰু বিহুঃ
বুধবাৰে গৰুবিহুৰ কাহিলী পুৱাতে ঘৰৰ বুজন ডেকাটিৰ নেতৃত্বত গৰু গা ধুওৱা হয়।গৰুবিহুৰ দিনা পুৱা সকলোৱে সোনকালে শুই উঠি গৰুক,ম'হ বা হাতী-ঘোৰাক গা ধুৱাবলগীয়াজনে গা ধুই আহি উৰুকাৰ নিশা যতনাই থোৱা চাটমাৰি ,হালধী দুহাতত লৈ ঘৰখনত থকা গৰু,ম'হ,হাতীবোৰ জান,পথাৰ,নৈলৈ লৈ গৈ গা ধুৱাব নতুবা বৰ্তমান সময়ত জন্তুৰ সংখ্যাৰ জোখৰ পানী লৈ গোহালীৰ গৰুকেইটাক প্ৰথমে গা ধুৱাই মূৰৰপৰা নেজলৈকে গাত হালধী সানিব।তাৰ পিছত মাখিয়তী ডাল-পাত -ফুলৰ ঠালি/ঠেঙেনীৰে ম'হ-দাঁহ -চেৰেপা ,চিকৰা আদি গৰুৰ গাত থকা  কীট-পতংগবোৰ কোবাই খেদাব আৰু 
লাও খা ,বেঙেনা খা,থেকেৰা খা,হালধী খা 
বছৰে বছৰে বাঢ়ি যা বুলি উচ্চাৰণ কৰি চাটমাৰিৰ  হালধী,থেকেৰা,লাও ,বেঙেনাবোৰ প্ৰতিটো গৰুৰ গালৈ দলি মাৰিব।প্ৰতিটো গৰু আৰু ঘৰৰ সকলো পোহনীয়া জন্তুক একেদৰেই গা ধুৱায়।ঘৰৰ কোনোবা এজনে চাটমাৰি সৈতে একেলগে গৰু গা ধুৱাবলৈ যতনাই লোৱা মাখিয়তীৰ এটা ডাল এৰোৱাই ঘৰৰ ভিতৰে বাহিৰে মাখিয়তীয়ে মাখি-দাঁহ খেদাইছো বুলি চুকে -কোণে,বেৰে -দুৱাৰে কোবাই কোবাই গোহালিৰ গৰু-ম'হ ,শালৰ হাতী-ঘোৰাৰ ডিঙিৰ জৰীডাল খুলি দি ডিঙীত তৰাৰ নতুন জৰী এডুখৰকৈ ডিঙীৰ জোখত পিন্ধাই গধুলীলৈ ঘৰৰ গোহাালি ,শাললৈ নিজেই আহিবি দেই বুলি মৰমেৰে কৈ গা ধুয়ায় ।
গৰুক গা ধুৱাই আহি ওচৰৰ কোনোবা গৰখীয়াৰ সৈতে চাটমাৰি সলোৱাৰো এক নিয়ম পালন কৰে।তাৰ পিছত পূৰ্বৰেপৰা গৰুবিহুলৈ বুলি সাঁচি ৰখা ঘৰৰ হাঁহ কুকুৰাৰ কণীবোৰ উলিয়াই প্ৰথমে ঘৰখনৰ ককাই ভাইৰ মাজতে কণী  যুঁজ আৰম্ভ কৰে ।তাৰ পাছত স্থানীয় ওচৰ চুবুৰীয়া ল'গ লাগি কণী যুঁজায়।ঘৰখনৰ কোনোজনে আমৰলি বাহ বিচাৰি আনিব।সাদৰী লখীমি বোৱাৰীহঁতে বাৰীৰ মেচাকী,মেজেঙা,মচন্দৈ ,জিগৈ,ঝিলিমিলি,খুতুৰা,মানিমুনি,টেঙেচী ,মেমেধু আদি এশ এবিধ শাকৰ আঞ্জাৰে ধৰু বিহুৰ পুৱাৰ সাজ বৰ জুতি লগাই খুওৱাৰ নিয়ম। গৰু বিহুৰ দিনা দিনৰ ভাগত নাঙল ,জুৱলী,মৈ আদি খেতিৰ সকলো সঁজুলি,কোৰ,কটাৰী,দা,কোঠাৰ আদি লোহৰ সঁজুলি,গাড়ী-মটৰ-বাইচাইকেল আদি বাহন আদি ধুই পখালি সুবিধা অনুযায়ী ভঁৰালৰ গাঁধৈ/গান্ধৈ বা উপযুক্ত স্থানত থৈ গধুলীলৈ কেঁচা পিঠাৰ প্ৰসাদেৰে গোহালিৰ গৰুক পিঠা খুওৱাৰ সমানেই নিত্য ব্যৱহাৰ্য প্ৰতিবিধ সামগ্ৰীক পিঠা খুওৱা হয়।মৰাণ সমাজত গৰু বিহুৰ গধুলীয়েই বিশ্বকৰ্মাকো লক্ষী ৰুপত আৰাধনা কৰি পালন কৰে।গৰু বিহুৰ গধুলী গৰু,ম'হ আদিৰ দিঙীত তৰাৰ দীঘল নতুন পঘাৰে বন্ধা হয়।
গৰু বিহুৰ দিনাই গাৱঁৰ সত্ৰ- নামঘৰত পৰম্পৰাগতভাৱে পালন কৰি অহা বিহু তিথিৰ গোঁসাই,ভকতৰ সাক্ষী কৰি বিহু নমোৱা/আৰম্ভ কৰা হয় আৰু বিহু কোনদিনা উৰুৱাব সমজুৱা  সিধান্ত কৰা হয়।লগতে ৰাতি বিহু,ধৰ্ম হুঁচৰি সম্পৰ্কতো প্ৰয়োজনীয়  আলোচনা সিধান্ত কৰে।অৱশ্যে ধৰ্ম হুঁচৰিৰ বাবে বিহুৰ আগৰপৰাই আখৰা কৰা হয়।
বিহু নমোৱাৰ দিনা সত্ৰ বা নামঘৰত বিহুৰ পদ জোৰি দেকা-জীয়ৰীয়ে তিনিপদকৈ বিহু পদ জোৰি আনন্দ কৰিব।বিহু নমোৱাৰ পৰম্পৰা তেনেকৈয়ে কৰে।

মানুহ বিহুঃ
পুৱাই ঘৰখনৰ জ্যেষ্ঠজনে কণিষ্ঠজনক সেৱা সন্মানৰ সৈতে বিহুৰ চেনেহৰ বিহুৱান যাছিব,মৰম বিলাব।বিহুৰ পিঠাপনা খাব।আগতেই চাফ চিকুন কৰি থোৱা মৃত উপৰিপুৰুষৰ থান/সমাধিত তামোলৰ টোপোলা দি বছৰৰ বিহুটি কুশলে মঙগলে যাবলৈ স্তুতি স্মৰণ কৰি সেৱা ধৰিব।মানুহবিহুৰ দিনা ঘৰৰ মানুহ ঘৰত থকাৰ এক সুকীয়া পৰম্পৰা মৰাণ সমাজত পূৰ্বৰেপৰা চলি আহিছে।মানুহবিহুৰ নিশাটো ঘৰৰ সকলো মানুহ ঘৰতে থকাৰ নিয়ম।

ৰাতিবিহুঃ
পূৰ্বৰেপৰা চলি অহা পৰম্পৰা অনুসৰি গাৱঁৰ দেকাহঁতে প্ৰতিঘৰৰ জীয়ৰীহঁতক ঘৰত গৈ অভিভাৱকক তামোলৰ টোপোলা দি খোজি অনাৰ নিয়ম আছে।কোনো কাৰণতে বিহুৱতী নাচনীৰ হানি বিঘিনি নঘটাৰ সমস্ত দায়িত্ব মূৰ পাতি লৈ ঘৰে ঘৰে ছোৱালীবোৰ খোজি আনি ৰাতি বিহু কৰাৰ নিয়ম।ৰাতি বিহু চাবলৈ আহি আন গাৱঁৰ আলহী দেকাবোৰক তামোলৰ টোপোলা দি বিহু নচুৱাবলৈ দিয়াৰ পৰম্পৰাও এক অনন্য আমোদজনক।ঠিক সেইদৰে বিহু খোলাত তকা দিয়া,উৰুৱা বিহুৰ দিনা আলহী দেকাবোৰক গোট খোৱাই তামোলৰ টোপোলাৰে বিহু গাবলৈ নিমন্ত্ৰণ কৰা,কেৱল দেকা আৰু জীয়ৰীয়েহে বিহু নচাৰ পৰম্পৰা মৰাণ জনজাতিৰ অনন্য বৈশিষ্ট্যপূৰ্ণ বিহুৰ ঐতিহ্য।মৰাণ বিহুৰ জৰিয়তে মহা সমন্বয়-সম্প্ৰীতি,সাহস,বিশ্বাস,কৃষ্টি-সংস্কৃতি ৰক্ষাৰ আখৰাৰ বুনিয়াদ ৰচিত হৈছে।ৰচিত হৈছে অসমীয়া মৰাণ ভাষা,সংস্কৃতি সভ্যতাৰো বুনিয়াদ।ৰচিত হৈছে অসমীয়া জাতিৰ সমাজ -সভ্যতা,ভাষা-কৃষ্টি,ঐতিহ্যৰ মেটমৰা সম্ভাৰৰ চিৰ যুগমীয়া চানেকী অসমীয়া জনজীৱনৰ।

Post a Comment

0 Comments