ঘৰখনতে ছোৱালীজনীৰ স্বাধীনতা কাঢ়ি লোৱা হয়


✍ আৰতি দেৱী
অধিবক্তা
গুৱাহাটী উচ্চ ন্যায়ালয়

যুগৰ পৰিৱৰ্তন হৈছে। নাৰীসকল পুৰুষৰ স'তে খোজ মিলাই সমানে আগুৱাই গৈছে। শিক্ষা, বিজ্ঞান, ৰাজনীতি, ক্ৰীড়া-সংস্কৃতি সকলো দিশতে নাৰীয়ে পুৰুষৰ স'তে ফেৰ মাৰিব পৰা এটা পৰিবেশ হৈছেগৈ। বৰঞ্চ বহুক্ষেত্ৰত পুৰুষতকৈ নাৰী বহু বিষয়ত বেছি আগবাঢ়ি গৈছে। বাতৰি কাকত, সংবাদ মাধ্যম যেনে টেলিভিছন ইত্যাদি মহিলাৰ সাফল্যৰ বাতৰি দিনৌ আমি পাই থাকোঁ। আর্থিকভাৱে অতি নিম্ন মধ্যবিত্ত শ্ৰেণীৰ পৰা আৰম্ভ কৰি বহু উচ্চ শ্ৰেণীৰ পৰিয়ালৰ পৰা অহা বহু নাৰীৰ নাম কেউফালে বৰ্তমান সময়ত উজ্জ্বলি উঠিছে, যিসকলক লৈ নাৰী হিচাপে আমিও গৰ্ব কৰিব পাৰো। পুৰুষসকলেও নাৰীৰ সফলতাত বহু প্ৰকাৰে সহায় সহযোগিতাৰে অৰিহণা যোগাইছে। পিতৃ মাতৃয়েও ল'ৰা সন্তানৰ সমানে কন্যা সন্তানকো সমানে গুৰুত্ব প্ৰদান কৰি শিক্ষাৰ দিশত আগুৱাই যাবলৈ উৎসাহ প্ৰদান কৰিছে। কিন্তু প্ৰতিটো ক্ষেত্ৰতে নাৰীয়ে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিলেও আমাৰ মনত প্ৰশ্ন জাগে মানসিকভাৱে নাৰীয়ে পুৰুষৰ লগত সমানে তাল মিলাই চলিব পাৰিছেনে ? ক'ৰবাত নহয় ক'ৰবাত যেন মানসিকভাৱে এতিয়াও নাৰীয়ে পুৰুষৰ সমানে আগুৱাব পৰা নাই। নাৰীয়ে এতিয়াও যেন নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। ইয়াৰ কাৰণো যেন নাৰীৰ মানসিকতা। এয়া জানো মিছা ? পুৰুষপ্ৰধান দেশখনত আচলতে নাৰীক এনেধৰণৰে গঢ়ি তোলা হয় যে মানসিকভাৱে নাৰী দুৰ্বল হৈ পৰে যিটোৱে নাৰীৰ ব্যক্তিত্ব বিকাশতো বহু পৰিমাণে বাধা আৰোপ কৰে। ছোৱালী সন্তানৰ বাবে কিছু পৃথক নীতি নিয়ম, প্ৰথাৰ সৃষ্টি কৰা হয়। আমাৰ সমাজত ছোৱালীৰ তোলনি বিয়া পতা হয়। ছোৱালীৰ শাৰীৰিক পৰিবৰ্তনক সমাজৰ আগত দাঙি ধৰা হয়। ছোৱালীজনীক শিকোৱা হয় যে এনেকৈ থাকিব লাগে, তেনেকৈ থাকিব নালাগে, সন্ধিয়া হলেই ঘৰৰ ভিতৰত সোমাব লাগে, এনেকুৱা ঠাইলৈ যাব নালাগে ইত্যাদি ইত্যাদি। নিৰ্দিষ্ট গণ্ডীৰ মাজত ছোৱালী মানুহক থাকিবলৈ সৰুৰে পৰা এনেদৰে শিক্ষা দিয়া হয়, যিটোৱে ছোৱালী মানুহৰ মানসিকতাত সাংঘাটিক প্ৰভাৱ পেলায়। বহু পিছপৰা সম্প্ৰদায় বা শ্ৰেণীৰ মাজত আজিও কন্যা সন্তান আৰু ল'ৰা সন্তানৰ মাজত পাৰ্থক্য ৰাখিহে আগবঢ়াই দিয়া হয়। লিংগ বৈষম্যই কন্যা সন্তানক আজিও মানসিকভাৱে পুৰুষতকৈ বহু পিছ পেলাই ৰাখিছে। এগৰাকী কন্যা সন্তান বিবাহৰ উপযুক্ত হোৱাৰ লগে লগেই বহু কথাৰ শিকনি দিয়া হয়। বিবাহৰ পাছতো শহুৰ শাহুৰ ঘৰখনতো খাপ খুৱাই চলিবৰ বাবে বহু কথাৰ শিকনি দিয়া হয়। অৰ্থাৎ মাথোঁ এগৰাকী নাৰীকহে সকলো পৰিবেশৰ পৰিৱৰ্তনৰ লগত খাপ খুৱাই চলিবলৈ শিক্ষা দিয়া হয়। ল'ৰা সন্তান বা পুৰুষক কিন্তু তেনে শিক্ষা দিয়া নহয়। এনেবোৰ ন ন নীতি নিয়ম বা শিক্ষাৰ লগত অভ্যস্ত হওঁতে হওঁতে নাৰীয়ে নিজৰ মানসিক অভ্যাসৰ জলাঞ্জলি দিব লগা হয়। সম্পত্তিৰ ক্ষেত্ৰতো যদিও পুৰুষৰ সমানেই নাৰীকো আইনে অধিকাৰ প্ৰদান কৰিছে, নাৰীয়ে সম্পত্তিৰ অধিকাৰ বিচাৰি গ'লেই গঞ্জনাৰ সন্মুখীন হ'ব লগা হয়। বিবাহৰ পাছত নিজৰ পিতৃ-মাতৃৰ সম্পত্তিৰ ক্ষেত্ৰত কন্যা সন্তানে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি গ'লেই, তেনে কন্যা সন্তানক অৰ্থাৎ নাৰীগৰাকীক কু-দৃষ্টিৰে চোৱা যায়, বিভিন্ন অপবাদ দিয়া হয়। পুৰুষৰ ক্ষেত্ৰত কিন্তু তেনে নহয়। ল'ৰা সন্তানক সৰু কালিত খেলিবলৈ বল, ক্ৰিকেট-বেট, পিষ্টল, বন্দুক, গাড়ী দিয়া হয়।কিন্তু কন্যা সন্তানক দিয়া হয় ৰন্ধা বাচন বৰ্তন, পুতলা। কন্যা সন্তান ডাঙৰ হোৱাৰ পাছতো বহু কামত বাৰণ কৰা হয়। ডাঙৰকৈ কথা ক'ব নালাগে, শহুৰ-শাহুৰ লগত তেনেকৈ কথা ক'ব লাগে, ৰন্ধা বঢ়া এনেকৈ কৰিব লাগে, বাচন বৰ্তন এনেকৈ ধুব লাগে, ঘৰটো এনেকৈ সজাব লাগে, নিজৰ সন্তানক এনেকৈ লালন পালন কৰিব লাগে ইত্যাদি ইত্যাদি। জোৰ জুলুমকৈ ছোৱালীক জন্মগত মানসিকতাক সলনি কৰা হয়।ছোৱালীৰ স্বাধীনতা কাঢ়ি নিয়া হয়।  ছোৱালীৰ নিজস্বতা এনেকৈয়ে হেৰাই যায়। সেয়ে হয়তো ছোৱালীৰ অধিকাংশই অইন এখন ঘৰত নিজক খাপ খুৱাব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হয়। পৰিবেশৰ লগত খাপ খাব নোৱাৰা, নিজৰ মানসিকতাক ধৰি ৰাখিবলৈ চেষ্টা কৰা নাৰীক কুলক্ষণী, শাখিনী, দুষ্ট ইত্যাদি বিভিন্ন অপবাদ দিয়া হয়। সেয়া কিন্তু পুৰুষৰ লগত নহয়। এয়া হ'ল আমাৰ সমাজ ব্যৱস্থা। এনেকৈয়ে নাৰীৰ ব্যক্তিত্বৰ বিকাশত বাধা দিয়া হয়। নাৰীসকল পুৰুষৰ দ্বাৰা শাসিত হয়। সংবিধানে নাৰীক সমতা আৰু বিভিন্ন অধিকাৰ দিলেও সেয়া হৈ নুঠেগৈ। নাৰীয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰিব গ'লেই এচামে সদায় বিৰোধিতা কৰে, নাৰীক কু-দৃষ্টিৰে চাই। নাৰীৰ সুপ্ত প্ৰতিভা এনেকৈয়ে বহু সময়ত অৰ্দ্ধ বিকশিত হৈ ৰয়। পশ্চিমীয়া দেশ ইউৰোপ-আমেৰিকাত চলিত উদ্যোগবোৰত শ্ৰমিক হিচাপে মহিলাকো নিয়োগ কৰা হয় কাৰণ তেনেবোৰ দেশত মহিলা বা নাৰী একোগৰাকীক পুৰুষতকৈ অধিক কৰ্মদক্ষ আৰু পৰিশ্ৰমী হিচাপে গণ্য কৰা হয়। আমাৰ দেশত যদি লিংগ বৈষম্যতাক পৰিহাৰ কৰি পুৰুষৰ সমানেই নাৰীক কৰ্মদক্ষ আৰু পৰিশ্ৰমী কৰি তোলাত সমাজখনে আগভাগ ল'লে হয় হয়তো সমাজত নাৰীজনিত বিভিন্ন অপৰাধসমূহো কমিলে হয়। নাৰী অবলা হোৱাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি অপৰাধীয়ে নাৰীক জড়িত কৰি পেলায়। বহু ক্ষেত্ৰত নাৰীক পণ্য সামগ্ৰীৰূপেও ব্যৱহাৰ কৰা হয়। এখন সমাজলৈ নাৰী পুৰুষ দুয়োগৰাকীয়ে অৰিহণা যোগালেহে সমাজখনৰ সৰ্বাংগীন উন্নতি সম্ভৱ। নাৰী এগৰাকীয়ে একোখন ঘৰত প্ৰধান ভূমিকা গ্ৰহণ কৰি সন্তানক সু পথ দেখুৱাই, স্বামীৰ লগতে ঘৰখনত এক সুন্দৰ পৰিবেশৰ ৰচনা কৰি পৰিয়ালৰ সকলোটিকে সমাজৰ বাবে কাম কৰাত উদগনি দিব পাৰে আৰু তেনে হ'বলৈ হ'লে কন্যা সন্তান আৰু নাৰীক সমতাৰ দৃষ্টিৰে চাবই লাগিব, নাৰীক মানসিকভাৱে প্ৰস্তুত কৰি তুলিবই লাগিব কৰ্মদক্ষ আৰু পাৰদৰ্শী হোৱাকৈ। সমাজ গঠনত নাৰীৰ ভূমিকা উল্লেখনীয়। এখন সু সমাজ আমাৰ কাম্য। আমি আশাবাদী।

১৮ মাৰ্চ ২০২০ অগ্ৰদূতত প্ৰকাশিত।

Post a Comment

0 Comments