প্ৰকৃতি আৰু সমাজক নিৰৱে ভালপোৱা মানুহজন


✍বিতুল গগৈ, শিৱসাগৰ

“প্ৰকৃতিৰ ধুনীয়া সৃষ্টিৰ পথাৰত আমি অসমীয়া জাতি কৃষ্টিৰ পথাৰত ।” এই বাণীকে বুকুত বোৱাই লৈ নিৰৱে প্ৰকৃতি আৰু মানুহৰ সেৱা কৰি গৈছে চৰাইদেউ জিলাৰ এজন প্ৰকৃতি প্ৰেমী, মানৱতাবাদী, সমাজ সেৱক ধমেশ্বৰ কোঁৱৰ । যি প্ৰকৃতিক জীয়াই ৰখাৰ বাবে গছ পুলি ৰুপন, বন্য প্ৰাণীৰ প্ৰতি প্ৰেমৰ বাবে কাম কৰি গৈছে জীৱনৰ ব্ৰতৰ দৰে । দুখীয়াৰ চকুত চকুলো দেখিলে যাৰ হিয়াই কান্দি উঠে, সমাজৰ অৱহেলিত , বঞ্চিত জনৰ বাবে যি কৰি আহিছে নিৰৱে সহায় আৰু প্ৰেৰণাৰ প্ৰতীক ৰূপে সেৱা আৰু সহায়ৰ হাত । 
 

প্ৰকৃতি প্ৰেমী তথা প্ৰকৃতিৰ নিৰৱ সৈনিক  ধমেশ্বৰ কোঁৱৰ জন্ম হৈছিল ১৯৭১ চনৰ ১৯ ছেপ্তেম্বৰত এঙেৰাৰ ২ নং কোঁৱৰ গাৱত । স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল ছ্যুকাফা নগৰ প্ৰাথমিক বিদ্যালয়ত । মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল দ’লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত । ১৯৯১ সোণাৰী মহাবিদ্যালয়ত স্নাতক কলা শাখাত নামভৰ্তি যদিও তেখেতে স্নাতক শিক্ষা শেষ নকৰাকৈ ১৯৯৩ চনত চাকৰি জীৱনৰ আৰম্ভণি কৰে । প্ৰকৃতি আৰু সমাজক ভালপোৱা ধম্মেশ্বৰ কোঁৱৰে বনানীকৰনৰ বাবে বৃক্ষ ৰোপন, প্ৰতিপালন, সমাজ দৰিদ্ৰ লোক সকলক সহায় কৰি অহা উপৰি দুই শতাধিকতকৈ অধিক শিক্ষিত যুৱকক দিহা-পৰামৰ্শৰ লগতে সংস্থাপনৰ বাট দেখোৱাই আহিছে । আহোমৰ প্ৰথম ৰাজধানী ঐতিহাসিক চৰাইদেউ অৱহেলিত হৈ অহা দেখি চৰাইদেউক বিশ্ব দৰবাৰত চিনাকী কৰি দিবৰ বাবে ২০১৫ চনৰ ৩০ ডিচেম্বৰত স্থানীয় যুৱক সকলক লগত লৈ তেখেতে “চৰাইদেউ মহোৎসৱ”ৰ জন্ম দিছিল । আজিও প্ৰতিবছৰে ঐতিহাসিক চৰাইদেউত চৰাইদেউ মহোৎসৱ উদযাপিত হৈ আহিছে । প্ৰকৃতিপ্ৰেমি , সমাজ কৰ্মী ধম্মেশ্বৰ কোঁৱৰে সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেখেতে  ২০১৭ বৰ্ষত সমাজ সেৱা বঁটা লাভ কৰিছিল, ২০১৭ চনৰ নৃত্য নাট্যমৰ সমাজ সেৱা বঁটা, ২০১৯ বৰ্ষত অসম জ্যোতি প্ৰেৰণা বঁটা, সৰ্বানন্দ সিংহ বেংমৰা সমন্বয় বঁটা, ২০১৯  বৰ্ষত প্ৰতাপ সিংহ বঁটা, ২০১৯ বৰ্ষৰ মে’ দিৱসৰ দিনা ‘শ্ৰমিক হিতৈষী বঁটা লাভ কৰিছিল । প্ৰকৃতি আৰু মানুহৰ বাবে কাম কৰি নাভাগৰা ধমেশ্বৰ কোঁৱৰৰ সপোন - সমাজ জাতি-ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ অৱহেলিত, বঞ্চিত, দৰিদ্ৰ মানুহৰ বাবে কাম কৰি যোৱাৰ ।









Comments

Popular posts from this blog

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন, উত্থাপিত ৰাজনৈতিক বিকল্পৰ চিন্তা আৰু যুৱ সমাজৰ কৰণীয়

কঁকালৰ বিষ সচৰাচৰ দেখিবলৈ পোৱা এটা প্ৰধান সমস্যা

নতুনৰ সন্ধিক্ষণ, নৱচিন্তন